Assam State Urban :সৰ্বভাৰতীয় স্তৰত প্ৰশংসিত হৈছে ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, অসমৰ কাম-কাজ

নগৰীয়া দৰিদ্ৰতা নিৰ্মূলৰ অসম আৰ্হিৰ অধ্যয়ণৰ বাবে তামিলনাডু চৰকাৰে প্ৰেৰণ কৰিলে বিষয়াৰ দল

WhatsApp Image 2022 12 05 at 18.18.45 1

Assam State Urban :

নগৰীয়া দৰিদ্ৰতা নিৰ্মূল আৰু নগৰাঞ্চলৰ আৰ্থিকভাৱে অনগ্ৰসৰ লোকসকলৰ আৰ্থ-সামাজিক সবলীকৰণৰ লক্ষ্যৰে কাম কৰা ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, অসমৰ শেহতীয়া কাম-কাজসমূহে সৰ্বভাৰতীয় স্তৰত ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ বলিষ্ঠ নেতৃত্বত চহৰৰ দৰিদ্ৰ লোকসকলৰ বহনক্ষম জীৱিকা সৃষ্টি তথা ই-কমাৰ্চৰ ক্ষেত্ৰত ৰাজ্যখনে অৰ্জন কৰা সাফল্য এতিয়া দেশৰ অন্যান্য ৰাজ্যসমূহৰ বাবেও আদৰ্শ হৈ পৰিছে ৷

নগৰীয়া দৰিদ্ৰতা নিৰ্মূলৰ এই অসম আৰ্হিৰ অধ্যয়ণৰ বাবে ভাৰত চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশত অলপতে তামিলনাডু চৰকাৰৰ বিষয়াৰ এটা দলে অসম ভ্ৰমণ কৰে ৷

ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান [এন ইউ এল এম], অসমৰ উল্লেখনীয় পদক্ষেপসমূহৰ বিষয়ে অধ্যয়ন কৰাৰ উদ্দেশ্যে অসম ভ্ৰমণলৈ অহা এই দলটোৱে এন ইউ এল এম, অসমৰ বিষয়াসকলৰ লগতে আত্মসহায়ক গোটৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰে ৷

এন ইউ এল এমৰ তামিলনাডু ৰাজ্যিক গোটৰ মিছন সঞ্চালক, যুটীয়া সঞ্চালক, ৰাজ্যিক মিছন পৰিচালক, এম আই এছ বিশ্লেষক আৰু যুৱ পেছাদাৰীসকলেৰে গঠিত ভ্ৰমণকাৰী দলটোলে অসমৰ চহৰ অঞ্চলৰ মহিলা আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালিত বয়ন প্ৰতিষ্ঠান, আচাৰ বনোৱা উদ্যোগ, থলুৱা অসমীয়া খাদ্য, কাঠফুলা প্ৰসংস্কৰণ আদি বিভিন্ন উদ্যোগ পৰিদৰ্শন কৰে ৷

দলটোৱে গুৱাহাটী পৌৰ নিগমৰ মহানগৰ জীৱিকা কেন্দ্ৰ [চিটি লাইভলিহুডছ চেণ্টাৰ]ও পৰিদৰ্শন কৰে, য’ত আত্মসহায়ক গোটসমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহৰ প্ৰদৰ্শন আৰু বিক্ৰী কৰা হয় ৷

তামিলনাডু চৰকাৰৰ দলটোৱে গুৱাহাটীৰ গীতা নগৰত অৱস্থিত নগৰীয়া গৃহহীনসকলৰ আশ্ৰয় কেন্দ্ৰ [শ্বেল্টাৰ ফৰ আৰ্বান হোমলেছ]টিও পৰিদৰ্শন কৰে ৷

অসম ভ্ৰমণকালত লাভ কৰা অভিজ্ঞতাক লৈ তামিলনাডু চৰকাৰৰ বিষয়াৰ দলটোৱে অতিশয় সন্তুষ্টি প্ৰকাশ কৰে আৰু এন ইউ এল এম, তামিলনাডুৰ কাম-কাজত এই অভিজ্ঞতা যথেষ্ট সহায়ক হ’ব বুলি আশা ব্যক্ত কৰে ৷

আনহাতে, নগৰীয়া দৰিদ্ৰতা নিৰ্মূলৰ অসম আৰ্হিৰ অধ্যয়ণৰ বাবে মিজোৰাম চৰকাৰৰ এটা দলো অতি সোনকালেই অসম ভ্ৰমণলৈ আহিব বুলি এন ইউ এল এম, অসমৰ বিষয়ববীয়াসকলে জানিবলৈ দিছে ৷

Exit mobile version