Entertainment : অভিষেক বচ্চনক বিয়া কৰোৱাৰ পূৰ্বে ঐশ্বৰ্য আছিল বিবাহিতা , কোন আছিল বিশ্বসুন্দৰীৰ প্ৰথম স্বামী ? জানিবলৈ পঢ়ক

3fd46e1f e74d 4e8f be06 76b759820045

Entertainment :

২০০৭ চনত ধুমধামেৰে অমিতাভ-জয়াই পুত্ৰ অভিষেকৰ কাৰণে প্ৰাক্তন বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায়ক বিয়া কৰাই আনিছিল ।

এই বিলাহ বহুল বিবাহৰ এতিয়া ১৫ বছৰ অতিক্ৰম হ’ল । বৰ্তমান এটি কন্যা সন্তানৰ মাতৃ ঐশ্বৰ্য । তৎস্বত্বেও এই দম্পত্তী সদায় চৰ্চাৰ শীৰ্ষত থকা দেখা যায় ।

ঐশ্বৰ্যৰ পূৰ্বেও একাধিক সুন্দৰীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল অভিষেকৰ । কৰিস্মা কাপুৰৰ পৰা ৰাণী মুখাৰ্জীলৈকে প্ৰেমৰ সম্পৰ্ক আছিল অভিনেতাজনৰ । শেষত কিন্তু বিশ্ব সুন্দৰী ঐশ্বৰ্যক জীৱনসংগী হিচাপে বাচি লৈছিল তেওঁ ।

একেদৰে ঐশ্বৰ্য ৰায়ো বলীউডত প্ৰৱেশ কৰাৰ পিছতে ছালমন খানৰ লগত প্ৰেমত পৰিছিল । এই সম্পৰ্কৰ কথা সকলোৱে জানে । অৱশ্যে কিছু বছৰৰ পিছত এই সম্পৰ্ক ভাঙি গৈছিল যদিও বৰ্তমানেও এই প্ৰেম কাহিনীক লৈ মানুহৰ উৎকণ্ঠাৰ অন্ত পৰা নাই । হ’লেও বৰ্তমান অভিষেক-ঐশ্বৰ্যয়ে এখন সুখৰ সংসাৰ গঢ়ি তুলিছে ।

আপুনি হয়তো নেজানে যে ,অভিষেক কিন্তু ঐশ্বৰ্যৰ প্ৰথম স্বামী নহয় । বৰ্তমান এই কথাই বলীউড জগতত চৰ্চা লাভ কৰিছে যে , অভিষেকলৈ বিয়া হোৱাৰ পূৰ্বেই ঐশ্বৰ্যই লুকাই-চুৰকৈ ছালমন খানক বিয়া কৰাইছিল । অৱশ্যে এইকথাৰ কোনো প্ৰমাণিত তথ্য নাই ।

কিন্তু অভিষেকক বিয়া কৰোৱাৰ পূৰ্বে এই বিশ্ব সুন্দৰীয়ে আৰু এবাৰ বিয়াত বহিছিল । এইকথা অমিতাভ-জয়াৰ আগত লুকাই থকা নাছিল । অভিষেকৰ লগত বিয়া হোৱাৰ পূৰ্বে ঐশ্বৰ্য এজোপা গছৰ লগত বিয়াত বহিছিল ।

আচলতে ঐশ্বৰ্যৰ বিবাহৰ ক্ষেত্ৰত থকা মাংগলিক দোষ মোচন কৰিবলৈকে শাহু জয়া বচ্চনে এজোপা গছৰ লগত অভিনেত্ৰীগৰাকীৰ বিবাহ কৰাই দিছিল । যিহেতু বচ্চন পৰিয়ালে কিছু কু-সংস্কাৰ বিশ্বাস কৰে ।

সেই বিশ্বাসৰ মৰ্যদা ৰাখিবলৈকে ঐশ্বৰ্যক এনেকৈ এজোপা গছৰ সৈতে বিয়া হ’বলৈ বাধ্য কৰিছিল জয়াই । বচ্চন পৰিয়ালৰ সূত্ৰ অনুসৰি , ঐশ্বৰ্যৰ সমস্ত অমংগল তথা অশুভ লক্ষণ কাটিবলৈকে এই ব্যৱস্থা কৰোৱা হৈছিল ।

গছৰ লগত প্ৰথম বিবাহ সম্পন্ন হোৱাৰ পিছতহে অভিষেক-ঐশ্বৰ্যৰ বিয়া হয় । পৌৰাণিক মনোবৃত্তিৰ এইকথাবোৰ বহু বছৰ ধৰি লুকুৱাই ৰখা হৈছিল যদিও সদ্য ঐশ্বৰ্যই এইকথা স্বীকাৰ কৰিছে ।

এইলৈ বহুবাৰ অভিনেত্ৰীগৰাকীয়ে সাংবাদিকৰ মুখামুখি হৈ আহিছে । আনকি বিদেশতো অভিনেত্ৰীগৰাকীয়ে এই প্ৰশ্নৰ মুখামুখি হ’বলগীয়া হৈছিল ।

Exit mobile version