Shimla : আঠ ডিচেম্বৰলৈকে সকলো হোটেল পৰ্যটকৰে ভৰ্তি থাকিব ছিমলাত

531957519Ridge Main

Shimla :

প্ৰতি বছৰে হিমাচল প্ৰদেশত সর্বাধিক সংখ্যক দেশী-বিদেশী পর্যটকে ভিৰ কৰি আহিছে। অৱশ্যে ক’ভিড কালত ৰাজ্যখনলৈ পৰ্যটকৰ আগমন সীমিত হৈছিল।

এইবাৰ শীতৰ পুনৰ সৰ্বাধিক সংখ্যক পর্যটকে ভিৰ কৰিছে পৰ্যটকৰ প্ৰিয় ৰাজ্যখনত ৰাজ্যখনৰ ৰাজধানী ছিমলাত অহা আঠ ডিচেম্বৰলৈকে সকলোবোৰ আগশাৰীৰ হোটেলত কোঠা সম্পূৰ্ণৰূপে ‘বুক’ কৰা হৈছে।

ছিমলাত সম্প্রতি পার্কিঙত গাড়ী পার্ক কৰিবলৈ স্থানৰ অভাৱ ঘটিছে। ৰাজ্যখনৰ পর্যটন বিভাগে প্রকাশ কৰা অনুসৰি, ছিমলাত অহা আঠ ডিচেম্বৰলৈকে হোটেলৰ ৭০ শতাংশ অগ্রিম বুকিং সম্পন্ন হ’ল।

আগন্তুক বৰদিন আৰু নৱবৰ্ষৰ সময়ছোৱাত হিমাচল প্ৰদেশত পৰ্যটকৰ ভিৰ অধিক বৃদ্ধি পাব বুলি পর্যটন বিভাগে আশা প্ৰকাশ কৰিছে। পর্যটকসকলে শীতৰ আমেজ লোৱাৰ লগতে তুষাৰপাতৰ আনন্দও গ্ৰহণ কৰিছে।

Exit mobile version