Insects : দিনে-নিশাই খাদ্য হিচাপে গ্ৰহণ কৰে বিভিন্ন পোক-পতংগ, ছবছৰ ধৰি বিচিত্র খাদ্যাভ্যাস

resource details 16 9 2x 1

Insects :

দিনে-নিশাই খাদ্য হিচাপে গ্ৰহণ কৰে বিভিন্ন পোক-পতংগ, ছবছৰ ধৰি বিচিত্র খাদ্যাভ্যাস । খাদ্যৰ পাতত সাধাৰণতে কেনেবাকৈ কীট-পতংগ পৰিলে মানুহে সেই খাদ্য পেলাই দিয়ে, নাখায়।

কিন্তু এই পৃথিবীতে এনে এগৰাকী মহিলা আছে যি পুৱাৰ পৰা নিশালৈকে খাদ্য হিচাপে গ্ৰহণ কৰে নানা ধৰণৰ কীট-পতংগ।

হয়, অবিশ্বাস্য যেন লাগিলেও সত্য,দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত আছে এইগৰাকী পোক ভক্ষণকাৰী মহিলা৷ তেওঁৰ নাম জ’য়ানি টেক’। আহাৰ হিচাপে কীট-পতংগ বৰ প্ৰিয় জ’য়ানিৰ৷ সেয়েহে দৈনিক খাদ্যৰ তালিকাত জ’য়ানিয়ে অন্তৰ্ভুক্ত কৰি আহিছে পোক-পতংগ।

জ’য়ানিয়ে নোখোৱা পোক পতংগ খুউব কম ওলাব। ঘৰত থকা পোক-পতংগৰ পৰা আৰম্ভ কৰি তেওঁ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰিও পতংগ ভক্ষণ কৰি আহিছে। ঘৰত থকা সাধাৰণ পৰুৱাৰ সোৱাদ লোৱাৰ পৰা উইচিৰিঙা, ঝিঝি আদিও জ’য়ানিৰ খাদ্যৰ তালিকাত বৰ প্ৰিয় খাদ্য।

জ’য়ানিয়ে প্ৰকাশ কৰা মতে, ২০১৭ বৰ্ষত তেওঁৰ পিতৃয়ে এছিয়া ভ্ৰমণ কৰি উভতি আহোতে পোক-পৰুৱাৰে তৈয়াৰী কিছু খাদ্য লৈ আহিছিল। তেতিয়াই প্ৰথমবাৰ তেওঁ সেই খাদ্যৰ সোৱাদ লৈছিল আৰু খাই ইমানে সোৱাদ পালে যে পোক-পৰুৱাক খাদ্য হিচাপে গ্ৰহণৰ এক অভ্যাস তেওঁৰ গঢ় লৈ উঠিল।

কেৱল পোক-পৰুৱা খোৱাই নহয়, জ’য়ানিয়ে ইতিমধ্যে পোক-পতংগৰে তৈয়াৰী খাদ্যৰ প্ৰতিষ্ঠান এটাও স্থাপন কৰিলে। পোক-পৰুৱাক মানৱ খাদ্য হিচাপে তেওঁ বিশ্বত জনপ্ৰিয় কৰি তুলিব বিচাৰে।

কীট-পতংগক খাদ্য হিচাপে গ্ৰহণ কৰাৰ বিষয়টোক বিজ্ঞানৰ ভাষাত এণ্ট’ম’ফাগি বুলি কোৱা হয়।জ’য়ানিয়ে দাবী কৰা মতে, তেওঁ খাদ্য হিচাপে গ্ৰহণ কৰা কীট-পতংগসমূহ যথেষ্ট সোৱাদৰে ভৰা।

পোক-পতংগৰ পৃথক সোৱাদৰ কথাও তেওঁ নিৰ্ভুলকৈ ক’ব পাৰে। জ’য়ানিয়ে প্ৰকাশ কৰা মতে, পৰুৱাৰ সোৱাদ লুণীয়া। কিছুমান পোক-পৰুৱা শুকুৱাই গুড়ি কৰি জ’য়ানিয়ে চালাডৰ স’তে ছটিয়াই খায়। পতংগৰে তৈয়াৰী বিস্কুটো তেওঁৰ প্ৰিয় খাদ্য। কিছুমান পোকৰ সোৱাদ মাংসৰ দৰে।

বাদামৰ দৰে সোৱাদৰ পোকো জ’য়ানিয়ে খাইছে। ৩০ বছৰীয়া জ’য়ানিয়ে কয় যে বিগত ছবছৰ ধৰি তেওঁ পোক-পৰুৱা খাই আহিছে আৰু ইয়াৰ ফলত তেওঁৰ স্বাস্থ্যৰ কোনো ক্ষতি হোৱা নাই। বৰঞ্চ এই খাদ্যাভ্যাস পৰিবেশ বান্ধৱ বুলি জ’য়ানিয়ে দাবী কৰে।

Exit mobile version