Patanjali : যোগ – আয়ুৰ্বেদে দুৰাৰোগ্য ৰোগ নিৰাময় কৰে ! পতঞ্জলিৰ নতুন দাবীত সৰৱ হৈ পৰিছে চিকিৎসকৰ সংগঠন

download 10

Patanjali :

পুনৰ বিতৰ্কত সাঙোৰ খালে যোগগুৰু ৰামদেৱৰ পতঞ্জলি । সংস্থাটোৰ নতুন প্ৰচাৰে ঔষধৰ নীতি উলংঘা কৰে আৰু এলোপেথিক চিকিৎসাক ভুলকৈ প্ৰচাৰ কৰিছে । এই অভিযোগ লৈ আদালতৰ কাষ চাপিবলৈ সিধান্ত লয় ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে (আইএমএ)।

চিকিৎসক সন্থাৰ আপত্তি ৰামদেৱৰ সংস্থাৰ এটা নতুন প্ৰচাৰক লৈ । বিজ্ঞাপনটোত দাবী কৰা হৈছে যে উচ্চ ৰক্তচাপ, থাইৰইড, হাপানি আৰু আনকি হৃদযন্ত্ৰৰ সমস্যাৰ দৰে দুৰাৰোগ্য ৰোগযোগ, আয়ুৰ্বেদ আৰু ‘নেচাৰোপেথি’ৰ জৰিয়তে আৰোগ্য কৰা হ’ব।

চিকিৎসক সংগঠনে কয় যে এই বিজ্ঞাপন প্ৰচাৰ সম্পূৰ্ণৰূপে অবৈজ্ঞানিক। ইয়াৰ কোনো ভিত্তি নাই। এনে প্ৰচাৰে কেৱল চিকিৎসা বিজ্ঞানৰ বিষয়ে সমাজলৈ এটা ভুল বাৰ্তা প্ৰেৰণ কৰিছে।

সেয়েহে, আই.এম.এ.-য়ে পতঞ্জলিৰ বিৰুদ্ধে খাদ্য আৰু ঔষধ প্ৰশাসনৰ (এফ.ডি.এ.) ওচৰত অভিযোগ দাখিল কৰিবলৈ ওলাইছে ।

যদিও এইটোয়ে প্ৰথম নহয়। পতঞ্জলি পূৰ্বতেও কেবাবাৰো বিতৰ্কৰ সন্মুখীন হৈছে । গোচৰটো আদালতত দাখিল কৰা হৈছে । মহামাৰীৰ মাজতে, ৰামদেৱে দাবী কৰিছিল যে তেওঁৰ কোম্পানীৰ আয়ুৰ্বেদিক ঔষধ ‘কৰোনিল’ ক’ভিড-১৯ ভাইৰাছৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে সুৰক্ষা দিবলৈ সক্ষম।

কেৱল সেয়াই নহয়, ৰামদেৱে ক’ভিড ভেকছিন আৰু ইয়াৰ কাৰ্যকৰীতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ দাবী কৰে যে দুটা ক’ভিড-১৯ ভেকছিন লাভ কৰাৰ পাছত ভাৰতত কে’বাজনো চিকিৎসকৰ মৃত্যু হৈছে।

তাৰ পাছত তেওঁ এলোপেথিক ঔষধক “মূৰ্খ” আৰু “দেউলিয়া” বিজ্ঞান বুলি অভিহিত কৰিছিল। ইয়াৰ পাছত, চিকিৎসক সংগঠনবোৰে ৰামদেৱৰ বিৰুদ্ধে মাত মাতিছিল। গোচৰটো উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল।

শীৰ্ষ ন্যায়ালয়ে এই গোচৰটোত ৰামদেৱ আৰু তেওঁৰ কোম্পানীক সতৰ্ক কৰি দিছিল আৰু কৈছিল যে ই আয়ুৰ্বেদক প্ৰচাৰ কৰিব পাৰে। কিন্তু তেওঁৰ বাবে আন চিকিৎসা বিজ্ঞান বা পদ্ধতিৰ সমালোচনা কৰাটো উচিত নহয়।

Exit mobile version