Bangladesh Pollution : বাংলাদেশত প্ৰতি বছৰে প্ৰদূষণত মৃত্যু ৮০ হেজাৰ লোকৰ

Air Pollution

Bangladesh Pollution :

বায়ু প্ৰদূষণৰ ফলত প্ৰতি বছৰে বাংলাদেশত গড়ে ৮০ হেজাৰ লোকৰ মৃত্যু হৈ আহিছে। ইয়াৰ ফলত দেশখনৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ ক্ষতি হৈছে ৩.৯ শতাংশৰ পৰা ৪.৪ শতাংশ।

লগতে বায়ু প্ৰদূষণৰ ফলত বাংলাদেশবাসীৰ মাজত বিভিন্ন স্বাস্থ্যজনিত সমস্যা যেনে শ্বাসকষ্ট, কাহ, নিম্ন শ্বাসনলীৰ সংক্ৰমণৰ দৰে ৰোগ বৃদ্ধি পাইছে। বিশেষকৈ বায়ু প্ৰদূষণৰ ফলত পাঁচ বছৰৰ অনূর্ধ্বত শিশুসকলৰ স্বাস্থ্য সর্বাধিক প্ৰভাৱিত হৈছে।

হৃদৰোগ আৰু শ্বাসতন্ত্ৰ ৰোগ বৃদ্ধিতো বায়ু প্ৰদূষণে প্ৰভাৱিত কৰিছে। বিশ্ব বেংকৰ এক প্রতিবেদনত এই তথ্য প্রকাশ পালে। বর্ধিত প্ৰদূষণৰ ফলত ক্ৰমে বিষাক্ত হ’বলৈ ধৰিছে বাংলাদেশৰ চহৰাঞ্চলৰ পানী আৰু বায়ু।

প্ৰদূষণ ৰোধৰ বাবে বাংলাদেশক ২৫০ নিযুত ডলাৰৰ বিত্তীয় সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিলে বিশ্ববেংকে।

Exit mobile version