United Nations : যুদ্ধৰ ফলত হোৱা খাদ্য সংকটক লৈ চিন্তিত ভাৰত

WhatsApp Image 2022 12 08 at 19.27.48

United Nations :

বিগত ১০ মাহ ধৰি চলি আছে ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধ । ক্ৰমশ জটিল হৈ পৰিছে পৃথিৱীৰ খাদ্য সংকট ।এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘত উদ্বেগ প্ৰকাশ কৰিছে ভাৰত চৰকাৰে ।

ভাৰতৰ উপ-স্থায়ী প্ৰতিনিধি আৰ ৰবীন্দ্ৰই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত মানৱীয় সাহায্য আৰু দুৰ্যোগ সঁহাৰি সহযোগিতাৰ সমন্বয়ৰ প্ৰেক্ষাপটত এই বিষয়টো উত্থাপন কৰে।

ভাৰত আৰু ছুইডেনৰ হৈ যৌথ বাৰ্তাত তেওঁ কয় যে, ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা বিশ্বৰ খাদ্য সংকট অধিক ভয়াৱহ হৈ পৰিছে। ভাৰত আৰু ছুইডেন বিশেষকৈ এই দুখন দেশ এই বিষয়ত অতিশয় চিন্তিত।”

কিছুমাহৰ আগতে ৰাছিয়া আৰু ইউক্ৰেইন ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ উপস্থিতিত কৃষ্ণ সাগৰৰ মাজেৰে খাদ্যশস্য পৰিবহনৰ ক্ষেত্ৰত এক চুক্তি স্বাক্ষৰ কৰে ।

তাতে কোৱা হয় যে শস্যবাহী জাহাজক লক্ষ্য কৰি ৰাছিয়া বা ইউক্ৰেইন কোনোৱেই যাতে আক্ৰমণ নকৰে।

কিন্তু সাগৰীয় পথেৰে খাদ্য শস্যৰ ৰপ্তানি বন্ধ হোৱা নাই। চুক্তিৰ বাবে নিৰ্ধাৰণ কৰা ১৭ নৱেম্বৰৰ প্ৰাৰম্ভিক সময়সীমা আৰু ১২০ দিন বৃদ্ধি কৰা হৈছে। ফলত ক’লা সাগৰৰ উপকূলৰ বন্দৰসমূহৰ পৰা শস্য, খাদ্য সামগ্ৰী, সাৰ ৰপ্তানি অব্যাহত আছে।

ৰবীন্দ্ৰই কয় যে ভাৰত আৰু ছুইডেন এই কথাত সুখী। তেওঁ লগতে কয় যে ভাৰতে আফগানিস্তান, ম্যানমাৰ আদি খাদ্যৰ পৰা বঞ্চিত দেশলৈ ১৮ লাখ টন ঘেঁহু ৰপ্তানি কৰিছে।

ৰবীন্দ্ৰই কয়, “বিপজ্জনক পৰিস্থিতিত থকা মানুহৰ জীৱন সলনি কৰিব পাৰে কিছুমান মানৱীয় ব্যৱস্থা।” আমি নিশ্চিত কৰিব লাগিব যে সাহায্য যাতে আটাইতকৈ দুৰ্বল লোকসকলৰ ওচৰলৈ যাব পাৰে ।

২০২৩ চনত যাতে পুনৰ কোনো ভাৱে এই মানৱীয় ব্যৱস্থা ভাঙি নাযায় তাক লৈ আমি নিশ্চিত হ’ব লাগিব ।

যোৱা সপ্তাহত ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ অংশীদাৰসকলে জনাইছে যে ২০২৩ চনৰ ভিতৰত মানৱীয় সাহায্যৰ বাবে আনুমানিক পাঁচ হেজাৰ ১৫০ কোটি ডলাৰ ব্যয় হ’ব।

যিটো যোৱা বছৰৰ তুলনাত ২৫ শতাংশ বেছি। অহা বছৰ ৬৯খন দেশৰ প্ৰায় ৩৩ কোটি ৯০ জন লোকক সহায়ৰ প্ৰয়োজন হ’ব। যোৱা বছৰৰ তুলনাত এই সংখ্যা ছয় কোটি ৫০ লাখ অধিক ।

ৰবীন্দ্ৰই কয়, “২০২২ চনটো চৰম পৰিস্থিতিত উপনীত হৈছে। সমগ্ৰ বিশ্বতে সংঘাত আৰু উদ্বিগ্নতাই অভূতপূৰ্ব খাদ্য সংকটৰ সৃষ্টি কৰিছে। শক্তি আৰু নিৰাপত্তা ব্যৱস্থাও প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।”

Exit mobile version