Sukhwinder Sing Sukhu New Cm Himachal: সুখৱিন্দৰ সিং সুখু হ’ব হিমাচলৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

মুকেশ অগ্নিহোত্ৰী উপ- মুখ্যমন্ত্ৰী,দুয়োৰে নামত মোহৰ মাৰিলে কংগ্ৰেছ হাইকামাণ্ডে,দেওবাৰে ১২ বজাত ল'ব শপত

WhatsApp Image 2022 12 10 at 21.15.23

Sukhwinder Sing Sukhu New Cm Himachal:

সকলো জল্পনা-কল্পনাৰ অন্তত কংগ্ৰেছ হাইকামাণ্ডে আজি সন্ধিয়া হিমাচল প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰে ৷সুখৱিন্দৰ সিং সুখু হ’ব হিমাচল প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী। ইতিমধ্যে সুখুৰ নামত মোহৰ মাৰে কংগ্ৰেছ হাইকামাণ্ডে ৷

ৰাজ্যখনৰ গুলবাৰ্গত এক আলোচনাত মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী ৰাজিৱ শুক্লা আৰু কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই ৷

ইয়াৰ পিছতে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীৰ পৰা সেউজ সংকেত পোৱাৰ পিছতে সুখৱিন্দৰ সিং সুখু নতুন মুখ্যমন্ত্ৰী ৰূপে নিয়োজিত হোৱাটো নিশ্চিত হৈ পৰে ৷

আনহাতে প্ৰদেশ কংগ্ৰেছৰ আন জ্যেষ্ঠ নেতৃবৰ্গৰ সৈতে সন্ধিয়া আন এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় কংগ্ৰেছ পৰ্যবেক্ষক ৰাজিৱ শুক্লাই৷ এই বৈঠকতে পাহাৰীয়া ৰাজ্যখনৰ নতুন উপ- মুখ্যমন্ত্ৰী হিচাপে মুকেশ অগ্নিহোত্ৰীৰ নাম অনুমোদন জনায় ৷

উল্লেখ্য যে পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশত কংগ্ৰেছ বিজয়ী হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ পদৰ বাবে সৃষ্টি হৈছে জল্পনা কল্পনাৰ।

হিমাচল প্ৰদেশত কংগ্ৰেছৰ মুখ্যমন্ত্ৰীত্বৰ দৌৰত আগশাৰীত থকা নাম কেইটা আছিল প্ৰতিভা সিং, সুখৱিন্দৰ সিং সুখু, মুকেশ অগ্নিহোত্ৰী, ঠাকুৰ কৌল সিং, আৰু আশা কুমাৰী।

উল্লেখযোগ্য প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ পত্নী প্ৰতিভা সিং লোকসভা সমষ্টিৰ সাংসদ আৰু তেওঁ এই পদৰ বাবে অন্যতম দাবীদাৰ।

আনকি সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কংগ্ৰেছৰ শীৰ্ষ মহলে বীৰভদ্ৰ সিঙৰ উত্তৰাধিকাৰী হিচাপে প্ৰতিভা সিঙকেই পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ পদৰ প্ৰচুৰ প্ৰতিদ্বন্দ্বী হিচাপে প্ৰচাৰ কৰিছিল।

কিন্ত প্ৰতিভা সিংক আশাহত কৰি অৱশেষত সুখৱিন্দৰ সিং সুখুৰ নাম মুখ্যমন্ত্ৰী ৰূপে হাইকামাণ্ডে অনুমোদন জনোৱাত প্ৰতিভা সিং ক্ষুন্ন হৈ পৰাৰ সম্ভাৱনা আছে ৷

আনহাতে দলে প্ৰতিভা সিংৰ ক্ষোভ প্ৰশমিত কৰিবৰ বাবে তেওঁৰ বিধায়ক পুত্ৰ আদিত্য সিংক সুখু কেবিনেটত গুৰু দায়িত্ব দিয়াৰ কথা চিন্তাচৰ্চা কৰিছে ৷

হিমাচলৰ নতুন মুখ্যমন্ত্ৰী ৰূপে সুখৱিন্দৰ সিং সুখুৰ নাম ঘোষণা কৰাৰ পিচতে সুখুৱে সংবাদ মাধ্যমক কয়, ছাত্ৰাৱস্থাৰ পৰাই ৰাজনীতিৰ পথাৰত খোজ দি আজি এই অৱস্থালৈ উন্নীত হৈ ভাল লাগিছে ৷

কংগ্ৰেছ দলে মোক যি দায়িত্ব অৰ্পণ কৰিছে তাক মই নিষ্ঠা সহকাৰে কৰিম৷ নতুন উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰী আৰু মই ঐক্যতাৰে হিমাচলক এখন সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ আহোপুৰুষাৰ্থ চেষ্টা কৰিম বুলি উল্লেখ কৰে সুখুৱে ৷

স্মতৰ্ৱ্য যে দেওবাৰে দিনৰ ১১বজাত পাহাৰীয়া ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী আৰু উপ- মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব সুখৱিন্দৰ সিং সুখু আৰু মুকেশ অগ্নিহোত্ৰী সহ মন্ত্ৰী সকলে ৷

শপত গ্ৰহণ অনুষ্ঠানত ছোনীয়া তনয় ৰাহুল গান্ধী আৰু কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে সহ কে’বা গৰাকী জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা ৷

Exit mobile version