Nagaon Book Fair : লেখক-পাঠকৰ আড্ডাৰে মুখৰিত নগাঁও গ্ৰন্থমেলাৰ বাকৰি

নগাঁও ইলেক্ট্ৰ'নিক মিডিয়াৰ অনুষ্ঠানৰ প্ৰতি ৰাইজৰ সঁহাৰি, মুকলি কুইজে জীপাল কৰিলে গ্ৰন্থমেলা স্থলী

WhatsApp Image 2022 12 17 at 18.22.08

Nagaon Book Fair :

লেখক-পাঠকৰ আড্ডাৰে মুখৰিত হ’ল নগাঁও গ্ৰন্থমেলাৰ বাকৰি । নগাঁও গ্ৰন্থমেলা উপলক্ষে আজি নেহৰুবালিৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত অনুষ্ঠিত হয় এক মত বিনিময়ৰ অনুষ্ঠান ।

নগাঁও ইলেক্ট্ৰ’নিক মিডিয়া এছ’চিয়েছনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিয়ে গ্ৰন্থমেলাৰ বাকৰিত এক নান্দনিক পৰিৱেশৰ সূচনা কৰে । সাংবাদিক জ্যোতিপ্ৰসাদ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই ভাব বিনিময়ৰ অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে সংবেদনশীল লেখিকা শৰ্মিষ্ঠা প্ৰীতমে ।

দ্বি শতাধিক গ্ৰন্থপ্ৰেমী উপস্থিত থকা এই জীপাল অনুষ্ঠানটিত কীৰ্তিকৃষ্টি বৰা, আতিকুৰ ৰহমান, পদুম বৰা, ড৹ কৰবী দেৱী, ৰিমঝিম ৰীমা আদিয়ে গীত পৰিবেশন কৰাৰ বিপৰীতে গল্পকাৰ শিৱানন্দ কাকতি, দুলাল চন্দ্ৰ দাস, অধ্যাপক মোহিনী মোহন ডেকা, ড৹ মিলন নেওগ, দিলীপ কুমাৰ বৰা,‌ সংগীতা বৰুৱা বৰা আদিয়ে তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰে ।

নগাঁও ইলেক্ট্ৰ’নিক মিডিয়াৰ এছ’চিয়েছনৰ সভাপতি বীৰেন বৰাৰ কৃতজ্ঞতাসূচক বক্তব্যৰে সামৰণি পৰে ।

Exit mobile version