Dispur Stamp Paper: মহানগৰীত ষ্টাম্প পেপাৰৰ কৃত্ৰিম নাটনি !

এশটকীয়া দলিল দুগুণ দামত বিক্ৰী ভেণ্ডৰৰ,কৃত্ৰিম নাটনিৰ অজুহাত দেখুৱাই ৰমৰমীয়া ব্যৱসায়,দিছপুৰ ৰাজহ চক্ৰৰ পদুলিত

WhatsApp Image 2022 12 20 at 16.22.19

Dispur Stamp Paper :

মহানগৰীত এতিয়া দলিলৰ কৃত্ৰিম নাটনি ৷ কৃত্ৰিম নাটনিৰ সূযোগ লৈছে একাংশ দলিল বিক্ৰেতা ভেণ্ডৰে ৷ প্ৰতিখন দলিল দুগুণ দামত বিক্ৰীৰে চলাই গৈছে ৰমৰমীয়া ব্যৱসায় ৷

কৃত্ৰিম নাটনিৰ অজুহাত দেখুৱাই ক্ৰেতাক একপ্ৰকাৰ কিনিবলৈ বাধ্য কৰিছে ধুৰন্ধৰ একাংশ ভেণ্ডৰে ৷  এই ব্যৱসায়ৰ ৰমৰমীয়াস্থলী হৈ পৰিছে দিছপুৰ ৰাজহ চক্ৰৰ প্ৰৱেশদ্বাৰৰ কাষতে থকা তৰণি-ভেণ্ডৰৰ কেন্দ্ৰটো ৷

মঙলবাৰে এজনলোকে এশটকীয়া দলিল এখন ক্ৰয় কৰিবলৈ গৈছিল ভেণ্ডৰ এজনৰ কাষলৈ ৷ কিন্ত এশটকীয়া দলিলৰ দাম বিচাৰে দুশ টকা ৷

অৰ্থাৎ দুগুণ দামত বিক্ৰী  ৷ অত্যন্ত জৰুৰী বাবে লোকজনে দুগুণ দাম দিয়েই ক্ৰয় কৰে এশ টকীয়া দলিল খন।
এতিয়া প্ৰশ্ন হয় কোনে নাকী লগাব এই সকল ধুৰন্ধৰ ভেণ্ডৰক ৷

Exit mobile version