Google CEO : ‘ আপোনাৰ নেতৃত্বত প্ৰযুক্তিত উন্নতি কৰিছে ভাৰতে ‘, মোদীৰ প্ৰশংসা গুগল CEO ৰ

WhatsApp Image 2022 12 20 at 20.00.26

Google CEO :

শেহতীয়াকৈ ভাৰতে জি-২০ৰ (G-20) সভাপতিত্ব লাভ কৰিছে। আন্তজাৰ্তিক শীৰ্ষ সন্মিলন আয়োজন কৰিবলৈ ভাৰতক সকলো ধৰণৰ সাহায্য কৰাৰ প্ৰতিশ্ৰুতি দিছে গুগলৰ (Google)মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে (Sundar Pichai)।

ভাৰত ভ্ৰমণলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে তেঁও । দেশৰ সকলোৰে বাবে বিনামূলীয়া ইন্টাৰনেটৰ ব্যৱস্থা কৰিব বুলি প্ৰধানমন্ত্ৰী (Narendra Modi) ক আশ্বাস দিছে গুগলৰ চিইঅ’ই।

প্ৰধানমন্ত্ৰীৰ স’তে হোৱা সাক্ষাৎকাৰৰ ফটোও ছ’চিয়েল মিডিয়াত (Social Media)শ্বেয়াৰ কৰে তেওঁ ।

গুগল আৰু এলফাবেটৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰে সোমবাৰে মোদীক সাক্ষাৎ কৰে। দুয়োজনৰ মাজত বিভিন্ন বিষয়ত আলোচনা হয়।

বৈঠকৰ পাছত , গুগলৰ মুখ্য কাৰ্যবাহী বিষয়াই এখন ছবি টুইট কৰে আৰু কেপেচনত লিখে ,”ইমান ধুনীয়া সময়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বহুত ধন্যবাদ। আপোনাৰ নেতৃত্বত ভাৰতে যথেষ্ট প্ৰযুক্তিগত প্ৰগতি কৰিছে।

আমি আশা কৰোঁ যে ভাৰতৰ স’তে আমাৰ কোম্পানীৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব। একে সময়তে, মই জি-২০ সন্মিলন আয়োজনত ভাৰতক সমৰ্থন কৰিম। আগন্তুক দিনত, আমি সকলোৰে বাবে বিনামূলীয়া ইণ্টাৰনেট প্ৰদান কৰিবলৈ আগবাঢ়িছো। ”

এই সাক্ষাৎকাৰৰ বিষয়ে প্ৰধানমন্ত্ৰীয়েও টুইট কৰে । “সুন্দৰ পিচাইক লগ পাই বৰ ভাল লাগিল। বহুতো কথা আলোচনা কৰা হ’ল।

মানুহৰ উন্নতিৰ বাবে প্ৰযুক্তি যেন সঠিকভাৱে ব্যৱহাৰ কৰা হয় । এই কামত যেন বিশ্বৰ সকলো দেশে একেলগে কাম কৰে । ”

প্ৰসঙ্গত, চলিত বছৰতে সুন্দৰ পিচাইক পদ্মভূষণ বঁটা প্ৰদান কৰা হয় । তেওঁ চান ফ্ৰান্সিস্কোত বহি এই সন্মান গ্ৰহণ কৰে ।

গুগলৰ মুখ্য কাৰ্যবাহী বিষয়াই প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছে। পিচাইক সোমবাৰে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ স’তে মঞ্চত দেখা পোৱা যায় ।

ইয়াৰ উপৰিও গুগলসম্পৰ্কীয় এটা অনুষ্ঠানটো ভাষণ দিয়ে কোম্পানীটোৰ চিইঅ’য়ে |

Exit mobile version