Weight Lost Tips : কাৰ্ডিঅ’ নে ওয়েট ট্ৰেনিং , কোনটো অনুশীলনে আপোনাৰ ওজন দ্ৰুত গতিত হ্ৰাস কৰিব ?

97be8180 02ae 4732 bd26 7a498a4516ea

Weight Lost Tips :

প্ৰচলিত ধাৰণা অনুসৰি কাৰ্ডিঅ কৰিলে বেছি কেলৰি বাৰ্ণ হয় । সেইয়েহে ওজন হ্ৰাস কৰিবলৈ জগিং , দৌৰা , স্কিপিং বা ফ্ৰি-হেণ্ড কাৰ্ডিঅ ব্যায়াম বেছি লোকে কৰা দেখা যায় ।

ইয়াৰোপৰি এই ব্যায়াম কৰিবলৈ বিশেষ সামগ্ৰী বা স্থানৰো প্ৰয়োজন নাই । সেইয়েহে ইয়াৰ জনপ্ৰিয়তা সৰ্বাধিক হোৱা পৰিলক্ষিত হৈছে ।

তথাপিও মানুহে কিয় ওয়েট ট্ৰেনিং কৰে ?

অৰ্থাৎ যিসকলে ভাবে যে , তেওঁলোকৰ ওজন কমোৱাৰ ইমান প্ৰয়োজন নাই । কেৱল শৰীৰৰ মাংসপেশীৰ শক্তি বৃদ্ধি কৰাৰ প্ৰয়োজন অনুভৱ কৰে , সেইসকলেহে ওয়েট ট্ৰেনিঙৰ কথা চিন্তা কৰে ।

আচলতে শৰীৰ অধিক সক্ষম কৰি ৰাখিবলৈ বা ওজন হ্ৰাস কৰিবলৈ দুয়োবিধ অনুশীলন কৰা প্ৰয়োজন । শৰীৰচৰ্চাবিদৰ মতে , কাৰ্ডিঅ যিমান জৰুৰী , সিমানেই জৰুৰী ওয়েট ট্ৰেনিং অনুশীলন । এই দুয়োবিধৰ সংমিশ্ৰণতহে কোনো লোকৰ সহজে ওজন হ্ৰাস হয় ।

বহুতে ভাবে, উচ্চতা অনুসৰি ওজন সঠিক হলেহে শৰীৰ ফিট হয় । কিন্তু বিএমআই ইণ্ডিকেটৰ কয় যে , কেৱল ওজন কমিলেই ফিট নহয় । শৰীৰত ফেটৰ শতাংশ কিমান , তাৰ ওপৰতহে আপোনাৰ শৰীৰৰ ফিটনেচ নিৰ্ভৰ কৰে ।

মাচল ম্যাচ তৈয়াৰ কৰিবলৈ আপুনি ওয়েট ট্ৰেনিং কৰিব লাগিব । অকল কাৰ্ডিঅ কৰিলে প্ৰকৃত শাৰীৰিক সক্ষমতা লাভ কৰিব নোৱাৰিব ।

সপ্তাহে অন্তত কেইটা দিন কাৰ্ডিঅ কৰিব বা ওয়েট ট্ৰেনিং কৰিব , সেইকথা ফিটনেচ ট্ৰেইনাৰজনৰ ওপৰত নিৰ্ভৰ কৰিব । তেতিয়াহে আপোনাৰ শৰীৰ অনুযায়ী সঠিক হ’ব আপোনাৰ শৰীৰৰ গঠন ।

বি : দ্ৰ : ওপৰোক্ত প্ৰতিবেদনটো তথ্যভিত্তিক যদিও শৰীৰচৰ্চাবিদৰ পৰামৰ্শ অবিহনে কোনো এটা পদ্ধতি কৰা উচিত নহয় ।

Exit mobile version