Mann Ki Baat : বছৰৰ শেষৰ ‘ মন কি বাতত ‘ কি ক’লে প্ৰধানমন্ত্ৰীয়ে ?

60c513c1 5760 4d93 aa92 adef9e5ad918

Mann Ki Baat :

বছৰটোৰ শেষত,পুনৰ আতংক বৃদ্ধি পাইছে কৰ’না ভাইৰাছ । এতিয়া তলাবন্ধৰ আতংকত ভুগিছে সাধাৰণ মানুহ ।

ইয়াৰ মাজতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM Narendra Modi)বছৰটোৰ অন্তিম ‘মন কি বাত’ কাৰ্যসূচীতো উত্থাপন হ’ল কৰ’নাৰ কথা ।

খোদ প্ৰধানমন্ত্ৰীয়ে সাধাৰণ জনতাক মাস্ক পৰিধান কৰি হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰি নিয়মীয়াকৈ হাত ধোৱাৰ পৰামৰ্শ দিয়ে।

দেওবাৰে আছিল প্ৰধানমন্ত্ৰীৰ ৯৬ তম মন কি বাত । বছৰৰ শেষত মন কি বাতত কৰ’না পৰিস্থিতিৰ বিষয়ে সতৰ্ক কৰিলে প্ৰধানমন্ত্ৰীয়ে ।তেওঁ কয়, “বিশ্বৰ বিভিন্ন দেশত কৰ’না বৃদ্ধি পাইছে। আমি সাৱধান হ’ব লাগিব। মাস্ক পৰিধান কৰিব, হাত পৰিষ্কাৰ কৰিব । “

লগতে তেওঁ কয়, “কৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলৈ আয়ুৰ্বেদৰ ওপৰত বিশ্বাস ৰাখা। উৎসৱত আনন্দৰ লওক কিন্তু , কিন্তু সাৱধান হওঁক। “

উল্লেখ্য, অ’মিক্ৰনৰ নতুন প্ৰজাতি বিএফ.৭ সংক্ৰমণৰ বিষয়ে উদ্বেগ বৃদ্ধি পাইছে। প্ৰথমবাৰৰ বাবে, চীন হৈছে আতংকৰ উৎস। প্ৰতিদিনে লাখ লাখ লোক সংক্ৰমিত হৈছে।

তাৰ পাছত, ভাৰতে খৰখেদাকৈ এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰে আৰু ক’ভিডৰ স’তে মোকাবিলা কৰাৰ বাবে এক ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰে। প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে ইতিমধ্যে সংশ্লিষ্ট বিষয়াসকলৰ স’তে কেবাবাৰো আলোচনা কৰিছে।

আজিৰ ‘মন কি বাত’ত তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বৈচিত্ৰ্যৰ মাজত একতাৰ কথা আছে। যোগৰ অভ্যাসে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিছে। প্ৰধানমন্ত্ৰীৰ মতে, যোগৰ ফলত ১৫ শতাংশ ৰোগীৰ পুনৰ ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস পায় ।

Exit mobile version