AATSA : আটছাৰ মহাৰজত জয়ন্তীত একত্ৰিত অসমৰ চাহ জনগোষ্ঠীৰ লেখক-সাহিত্যিক, কবি

কে'বখনো গ্ৰন্থ উন্মোচন

13a0a7de 41d0 41bf ab29 a42c9a093556

AATSA :

“অসমৰ সহস্ৰাধিক চাহ জনগোষ্ঠী ৰাইজক বৃহৎ ছাতিৰ তলত আৱৰি ৰাখিছে অসমীয়া পৰিচয়ে । অসমীয়া আমাৰ মুখৰ ভাষা । অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আমাৰ প্ৰাণ স্পন্দন, সংযোগৰ মূল সেঁতু ।

অসমীয়া ভাষাত কবিতা, প্ৰৱন্ধ, সাহিত্য সৃষ্টি কৰিছোঁ, অসমীয়া হিচাপে পৰিচয় দি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক আগবঢ়াই নিছোঁ”, গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত সমন্বয়ৰ বাৰ্তাৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ মহাৰজত জয়ন্তীৰ আজিৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী চাহ জনগোষ্ঠীৰ লেখক, সাহিত্যিকসকলৰ সমাৰোহ আৰু কবি সন্মিলনত অংশগ্ৰহণ কৰি অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি, বিশিষ্ট লেখক সঞ্জয় কুমাৰ তাঁতীয়ে এনেদৰে মন্তব্য কৰে ।

বিশিষ্ট লেখক, যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড° মাণিক শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সমাৰোহত তেওঁ আৰু কয় যে, বিভিন্ন জাতি-জনগোষ্ঠীৰ নিজস্ব ভাষা আছে । সেইদৰে অসমৰ চাহ জনগোষ্ঠীৰো বৰ্ণিল সাংস্কৃতিক সম্পদ আছে, উপাদান আছে । তেনে অমূল্য উপাদানসমূহ বুটলি আনি সাহিত্যৰ জৰিয়তে ডাঙি ধৰিব পাৰিলে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া অধিক শক্তিশালী হ’ব, তৰাম্বিত হ’ব ।

কিন্তু অসমৰ চাহ জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতিৰ নিখুঁট বিশ্লেষণৰ দ্বাৰা ইতিহাস চৰ্চাৰ ক্ষেত্ৰত এতিয়াও ওপৰুৱাকৈ বিহংগম দৃষ্টিৰেহে চৰ্চা কৰা পৰিলক্ষিত হৈছে । যাৰ ফলত চাহ জনগোষ্ঠীৰ মাটিৰ সাহিত্য সৃষ্টি কৰাত যেন বিফল হৈছে । চাহ জনগোষ্ঠীৰ নিজা লিপি, ব্যাকৰণ নাই বুলি উল্লেখ কৰি আজি পৰ্যন্ত চাহ জনগোষ্ঠীৰ এখন ইতিহাস গ্ৰন্থ ৰচনা নহ’ল বুলি আক্ষেপ প্ৰকাশ কৰি লেখক, সাহিত্যিক, সংগঠনসমূহক এনে গধুৰ দায়িত্ব গ্ৰহণ কৰাৰ তেওঁ মুকলি আহ্বান জনায় ।

সমাৰোহ উদ্বোধন কৰি বিশিষ্ট সাহিত্যিক, সাহিত্য অকাডেমি প্ৰাপক জয়ন্ত মাধৱ বৰাই অসমীয়া সাহিত্য, সংস্কৃতি, জাতি গঠন প্ৰক্ৰিয়াত অসমৰ চাহ জনগোষ্ঠীৰ ভূমিকা কোনেও অস্বীকাৰ কৰিব নোৱাৰে বুলি মন্তব্য কৰে ।

“অসমৰ ইমূৰৰ পৰা সিমূৰ চাহ জনগোষ্ঠীৰ লেখক, সাহিত্যিক, কবিক একেখন মঞ্চত এনেদৰে একত্ৰিত কৰি আটছাই এক মহৎ আৰু বিৰল বাৰ্তা প্ৰেৰণ কৰা বুলি সমাৰোহৰ সঞ্চালক ড° মাণিক শইকীয়াই নিজস্ব অভিমত ব্যক্ত কৰে । ই আটছাৰ মহাৰজত জয়ন্তীৰ বিশেষ সফলতা বুলিও মন্তব্য কৰে তেওঁ ।

উক্ত অনুষ্ঠানতে বিশিষ্ট কবি প্ৰতিমা ৰাজৱাৰৰ কাব্যগ্ৰন্থ ‘বিমুদ্ৰাৰ পৃথিৱী’ উন্মোচন কৰে লেখক, সাহিত্যিক সুশীল কুৰ্মীয়ে । আটছাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক সন্তোষ কুমাৰ তপ্ন জীৱন আৰু কৰ্ম শীৰ্ষক এখন গ্ৰন্থও উন্মোচন কৰা হয় ।

বিভিন্ন নৃত্য, সাংস্কৃতিক কাৰ্যসূচীৰে আজি মুখৰিত হৈ পৰে পৰিৱেশ । সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰে নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক ড° কাজল শইকীয়াই ।

কাইলৈ গোলাঘাট নগৰত বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব ।

Exit mobile version