COVID-19 SOP : নতুন বৰ্ষৰ পহিলা সপ্তাহত আহিব পাৰে ক’ভিড এচঅ’পি ; স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত 

COVID-19 SOP :

চীনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সতৰ্কতা অৱলম্বন কৰি অসম চৰকাৰেও ক’ভিডৰ নতুন এচঅপি জাৰি কৰা সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে ।

আজি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে , ক’ভিড সংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি নতুন বৰ্ষৰ পহিলা সপ্তাহতে ৰাজ্যত ক’ভিডৰ নতুন এচঅপি জাৰি কৰিব পাৰে ।

সেই সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীৰ লগত এক আলোচনা সম্পন্ন হয় যদিও এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব । হয়তো মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুযায়ী জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে ৰাজ্যত নতুন এচঅপি জাৰি কৰিব পাৰে ।

তথাপিও বৰ্তমান সকলোকে মাস্ক পিন্ধাৰ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰীজনে । বিশেষকৈ ৰাজহুৱা স্থানত মাস্ক পিন্ধাতো জৰুৰী বুলিও উল্লেখ কৰিছে মন্ত্ৰীজনে ।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আন্তৰ্জাতিক বিমানকোঠত ক’ভিডৰ নতুন এচঅপি জাৰি কৰিছে । ক’ভিডৰ নতুন ভেৰিয়েণ্ট BF-7 চীনৰ লগতে ভাৰতৰ ৰাজস্থান ,বিহাৰত ধৰা পৰাৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্য বিভাগ অধিক সক্ৰিয় হৈ পৰিছে । অৱশ্যে এইপৰ্যন্ত বিদেশৰ পৰা অহা লোকৰ মাজতহে এই ভেৰিয়েণ্টৰ উপস্থিতি ধৰা পৰিছে ।

Exit mobile version