Heeraben Modi : অসুস্থ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মাতৃ

আহমেদাবাদৰ হাস্পাতালত চিকিৎসাধীন হীৰাবেন মোদী

heeraben pm modi mother 96563975

Heeraben Modi :

অসুস্থ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মাতৃ হীৰাবেন মোদী । আহমেদাবাদৰ হাস্পাতালত চিকিৎসাধীন কৰোৱা হৈছে তেওঁক । হীৰাবেনৰ বয়স ৯৯ বছৰ । মঙলবাৰে নিশা প্রধানমন্ত্রীৰ মাতৃৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে । তাৰ পাছত তেওঁক হাস্পাতালত ভর্তি কৰোৱা হয় ।

চলিত বছৰৰ জুনত ৯৯ বছৰত ভৰি দিছে হীৰাবেনে । বুধবাৰে পুৱা তেওঁৰ স্বাস্থ্যৰ বুজ ল’বলৈ হাস্পাতালত উপস্থিত হয় গুজৰাট বিজেপিৰ একাধিক নেতা । বয়সজনিত অসুস্থতাৰ বাবে হাস্পাতালত ভর্তি কৰাবলগীয়া হৈছে প্রধানমন্ত্রীৰ মাতৃক ।

আহমেদাবাদৰ ইউএন মেহতা ইনষ্টিটিউট অৱ কার্ডিয়’লজি এণ্ড ৰিছার্চ চেন্টাৰত চিকিৎসাধীন হৈ আছে হীৰাবেন । হাস্পাতালৰ তৰফৰ পৰা বুধবাৰে এটা বিবৃতি জাৰি কৰি জনোৱা হৈছে, তেওঁৰ শাৰীৰিক অৱস্থা সম্প্ৰতি স্থিতিশীল ।

অৱশ্যে প্রধানমন্ত্রীৰ মাতৃৰ অসুস্থতা আৰু শাৰীৰিক পৰিস্থিতি সম্পর্কে অন্য তথ্য প্রকাশ কৰা নাই হাস্পাতালে ।

মাতৃক লগ কৰিবলৈ প্ৰায়ে যায় প্রধানমন্ত্রী মোদী । তেওঁলোকৰ একাধিক ছবি সামাজিক মাধ্যমত ভাইৰেল হৈছে । যোৱা জুনত মাতৃৰ ৯৯তম জন্মদিনতো গৈছিল প্রধানমন্ত্রী ।

মঙলবাৰে দুর্ঘটনাগ্ৰস্ত হৈছিল প্রধানমন্ত্রীৰ ভাতৃ প্রহ্লাদ মোদীৰ গাড়ী । কর্নাটকৰ মাইছুৰুত দুর্ঘটনাতপতিত হয় । গাড়ীত প্রহ্লাদৰ লগত তেওঁৰ পত্নী, পুত্র, বোৱাৰী আৰু নাতি আছিল ।

মঙলবাৰে বিয়লি দুই বজাত ডিভাইডাৰত খুন্দা খায় গাড়ীখন । স্থানীয় হাস্পাতালত ভর্তি কৰোৱা হয় তেওঁলোকক । তাৰ এদিন পাছত অসুস্থ হৈ পৰিল প্রধানমন্ত্রীৰ মাতৃও ।

Exit mobile version