Indian Army and Kazakhstan Army Exercise : মেঘালয়ত কাজাখাস্তান আৰু ভাৰতীয় সেনাৰ সপ্তাহাযোৰা সামৰিক যৌথ অনুশীলন সম্পন্ন

WhatsApp Image 2022 12 28 at 20.55.34

Indian Army and Kazakhstan Army Exercise :

ভাৰতীয় সেনা আৰু কাজাখস্তান সেনাৰ বাৰ্ষিক যৌথ অনুশীলন মেঘালয়ৰ উমৰোইৰ বিদেশী প্ৰশিক্ষণ নোডত সফলতাৰে সম্পন্ন হয় ৷ ২২ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা সপ্তাহযোৰা অনুশীলন বুধবাৰে অন্ত পৰে ৷
ভাৰতীয় সেনাৰ ১১ সংখ্যক গোৰ্খা ৰাইফলছৰ কোম্পানীৰ সৈতে অংশগ্ৰহণ কৰিছিল কাজাখস্তান সেনাৰ এটা দলে৷ দুই দেশৰ সেনাৰ দলে জংঘল আৰু অৰ্ধ নগৰ-নগৰাঞ্চলত যুটীয়া সন্ত্ৰাসবাদ বিৰোধী অভিযানত ন ন কৌশলগত আৰু কাৰিকৰী দক্ষতাক কিদৰে উপস্থাপন কৰিব পাৰি তাৰ ওপৰত মাৰাথন যুদ্ধাভাষ কৰে ৷

যুটীয়াভাৱে সন্ত্ৰাসবাদ বিৰোধী অভিযানত সৈন্যসকলক প্ৰশিক্ষণ দিয়াৰ বাবে কেইবাটাও কৌশলগত পৰিকল্পনাৰ ওপৰত অনুশীলন কৰে ।

উল্লেখ্য যে দুই দেশৰ যুটীয়া প্ৰশিক্ষণ অনুশীলনটো কে’বা গৰাকী বিশিষ্ট যুদ্ধ বিশেষজ্ঞ ব্যক্তিয়ে প্ৰত্যক্ষ কৰি উচ্চ প্ৰশংসা কৰে ।

Exit mobile version