Lgbia:
ADVERTISEMENT
২০২২ বৰ্ষৰ নৱেম্বৰত ভাৰতৰ ভিতৰত অতি ব্যস্ত বিমানকোঠ হিচাপে চিহ্নিত হৈছে গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানকোঠ ।
ঘৰুৱা যাত্ৰী চলাচলৰ ক্ষেত্ৰত দেশৰ ভিতৰত ব্যস্ত ১০ নম্বৰ স্থানৰ তালিকাত অন্তৰ্ভুক্ত হৈছে এই বিমানকোঠ । উল্লেখ্য যে , চলিত বৰ্ষৰ নৱেম্বৰ মাহত এই বিমানকোঠৰ পৰা দৈনিক ১৬ হাজাৰৰো অধিক যাত্ৰীয়ে চলাচল কৰিছিল ।
ইফালে নৱেম্বৰ মাহত এই আন্তৰ্জাতিক বিমানকোঠত মুঠ চাৰি লাখ ৫৭ হাজাৰ ৮৫৮ জনকৈ ঘৰুৱা যাত্ৰীয়ে যাত্ৰা আৰু অৱতৰণ কৰিছে ।
ক’ভিড অতিমাৰীৰ পূৰ্বে এই বিমানকোঠে ঘৰুৱা যাত্ৰী অহা-যোৱা কৰাত দেশৰ ভিতৰতে একাদশ স্থান লাভ কৰিছিল ।