32 cattle heads were rescued:বিশ্বনাথত চোৰাং গৰু সহ দুই সৰবৰাহকাৰীক আটক

WhatsApp Image 2022 12 30 at 14.47.51

32 cattle heads were rescued:

গৰুৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিছে যদিও একাংশ চোৰাং ব্যৱসায়ীয়ে চৰকাৰৰ প্ৰচলিত আইনক চেলেন্স দি অব্যাহত ৰাখিছে গৰুৰ চোৰাং সৰবৰাহ ৷

শেহতীয়াকৈ বিশ্বনাথ আৰক্ষীয়ে বৰগাংত নিয়মীয়া তালাচীত জব্দ কৰে ৩২ টা চোৰাং গৰু সহ দুই সৰবৰাহকাৰীক কৰায়ত্ব কৰিব সক্ষম হয় ৷

জিলাখনৰ বৰগাং আৰক্ষী চকীৰ আৰক্ষীয়ে ৰাজপথত নিয়মীয়া তালাচী চলাই থকা অৱস্থাতে এখন ট্ৰাকৰ পৰা ৩২চোৰাং গৰু জব্দ কৰে ৷
জব্দকৃত ট্ৰাকখন নাহৰলাগুনৰ পৰা খাৰুপেটিয়া অভিমুখে আহি আছিল বুলি জানিব দিয়ে আৰক্ষীয়ে ৷

উল্লেখ্য যে সোমবাৰেও বৰগাংত আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰে ২৪ টা চোৰাং গৰু  ৷ গহপুৰৰ ফালৰ পৰা আহি থকা অৱস্থাত বৰগাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ এটা দলে ট্ৰাকখন ৰখাই তালাচী চলাইছিল ৷

ট্ৰাক খনৰ পৰা জব্দ কৰা ২৪ টা গৰুৰ এটা গৰু মৃত অৱস্থাত পোৱা গৈছিল ৷

Exit mobile version