Diabetes Symptoms : আপোনাৰ ডায়েবেটিচ হৈছে ? ভৰিৰ কোন পাঁচটা লক্ষণ দেখিলে আপুনি তেজ পৰীক্ষা কৰাব লাগিব?

c8ad6110 155c 4869 a607 843fa0117059

Diabetes Symptoms :

অনিয়মিত জীৱন প্ৰণালী , সাংঘাতিক কৰ্মব্যস্ততা আৰু মানসিক চাপৰ কাৰণে আজিৰ তাৰিখত প্ৰতিঘৰতে ডায়েবেটিচ ৰোগীৰ সংখ্যা বাঢ়িছে । ৩০ বছৰ পাৰ কৰা লগে লগেই বহুতে এই ৰোগত আক্ৰান্ত হয় ।

পৰিতাপৰ কথা যে, এই ৰোগৰ হাতত ধৰিয়েই শৰীৰত আহে উচ্চ ৰক্তচাপ ,কলেষ্টৰলৰ দৰে অনেক ৰোগ । আচলতে তেজত ইনছুলিনৰ অভাৱৰ বাবেই ডায়েবেটিচ ৰোগত আক্রান্ত হয় । চিকিৎসকৰ মতে, জীৱন যাত্ৰাৰ পৰিৱৰ্তন আহিলেই তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব লাগে ।

তাৰবাবে প্ৰতিদিনে খাদ্য তালিকা অনুকৰণ কৰাৰ সমান্তৰালকৈ শৰীৰচৰ্চা কৰা প্ৰয়োজন । প্ৰথম পৰ্যায়তে যদি এই ঘাতক ৰোগ ধৰা পৰে ,তেন্তে চিকিৎসা কৰাত সুবিধা হয় । বিশেষকৈ মূৰ ঘুৰোৱা, শৰীৰৰ ওজন কমি যোৱা , দৃষ্টিশক্তি লোপ পোৱা এইধৰণৰ প্ৰাথমিক লক্ষণে দেখা দিলে আপুনি জানিব যে আপোনাৰ শৰীৰত ডায়েবেটিচ ৰোগে প্ৰৱেশ কৰিছে ।

ডায়েবেটিচ হ’লে বেছি লক্ষণ ভৰিত ধৰা পৰা দেখা যায় । তেনেক্ষেত্ৰত ভৰিত দেখা কিছুমান লক্ষণ তলত উল্লেখ কৰা হ’ল ।

১/ ভৰি ফুলি উঠা , ভৰিত যদি কোনো ঘাঁ লাগে নুশুকোৱা ।

২/ শৰীৰচৰ্চা কৰা সময়ত বা অন্য সময়তো ভৰিৰ পেশী টান হৈ উঠা ।

৩/ ভৰিৰ নখ মোটা বা হালধীয়া বৰণ লোৱা ।

৪/ ভৰিৰ আঙুলিত হোৱা সংক্ৰমণ ভাল নহ’লে বুজিব যে আপোনাৰ তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়িছে ।

৫/ ভৰিৰ তলুৱাত বিষ হোৱা ।

অৰ্থাৎ ভৰিত দেখা পোৱা এই লক্ষণৰ পৰা আপুনি বুজিব লাগিব আপোনাৰ ডায়েবেটিচ হৈছে । ডায়েবেটিচ নিৰাময় হোৱা ৰোগ নহয় । গতিকে আপুনি ওপৰত উল্লেখিত নিয়ম অনুকৰণ কৰি জীৱনত আগবাঢ়ি যোৱাৰ অভ্যাস গঢ়ি তোলক ।

নিয়ন্ত্ৰিত জীৱনশৈলীহে আপোনাক এটা স্বাভাৱিক জীৱন প্ৰদান কৰিব ।

বি : দ্ৰ : এই প্ৰতিবেদনটো তথ্যভিত্তিক যদিও সমান্তৰালকৈ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ।

Exit mobile version