Electric Shock Death : বন্যহস্তীক বাধা দিবলৈ টনা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হ’ল যুৱকৰ

WhatsApp Image 2022 12 30 at 17.00.24

Electric Shock Death :

“লোকলৈ বুলি শূল পুতি নিজে মৰে ফুটি ।” এই আপ্তবাক্যশাৰী সঁচা প্ৰমাণিত কৰি পথাৰত বন্যহস্তীক বাধা দিবলৈ স্থাপন কৰা বিদ্যুতৰ তাঁৰত লাগি মৃত্যুক সাৱটিলে এজন যুৱকে ।

প্ৰাপ্ত তথ্য মতে , তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত শুকুৰবাৰে পুৱা সংঘটিত হৈছে এই শোকাৱহ ঘটনা । নাগ্ৰীজুলিৰ বৃহৎ অঞ্চলটোত দীৰ্ঘদিনৰ পৰাই বনৰীয়া হাতীৰ জাকে পথাৰত প্ৰৱেশ কৰি ৰবি শস্য তহিলং কৰি আহিছিল ।

হাতীৰ এই উপদ্ৰৱৰ পৰা ৰক্ষা পৰিবলৈকে গাঁৱৰ একাংশ লোকে পথাৰত বিদ্যুত সংযোগীতাঁৰ টানি পথাৰৰ শস্য ৰক্ষা কৰাৰ চেষ্টা কৰিছিল । কিন্তু দুৰ্ভাগ্যবশত উক্ত তাঁৰত লাগি ৰতন দাস নামৰ যুৱকজন থিতাতে মৃত্যু হয় ।

পুৱা খেতি পথাৰত পানী দিবলৈ যোৱা যুৱকজন ভুলবশত: এই তাঁৰৰ সংস্পৰ্শলৈ অহাত এই দুৰ্ঘটনা সংঘটিত হ’বলৈ পায় । পাছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

এই ঘটনাই এতিয়া সমগ্র অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ।

Exit mobile version