Nagaon Encounter :নগাঁৱত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ !

WhatsApp Image 2022 12 31 at 12.03.18

Nagaon Encounter:

নগাঁৱত পুনৰ এনকাউণ্টাৰ ৷ নগাঁও আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ তেলচোৰ ৷ আহত তেলচোৰটোৰ নাম ইমদাদ আলী।

প্ৰাপ্ত তথ্য মতে উৰিয়াগাঁও অঞ্চলত ধৃত তেলচোৰটো আৰক্ষীৰ স’তে গৈ থকা সময়তে হঠাৎ আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে৷ আৰক্ষীয়ে তেলচোৰটোক ৰ’বলৈ কোৱাৰ পিছতো পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় ৷

আৰক্ষীৰ গুলীত ভৰিত আঘাত পোৱা ইমদাদক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে আঘাতপ্ৰাপ্ত তেলচোৰ ইমদাদ আলীক তেলচোৰৰ অভিযোগত গোলাঘাটৰ মেৰাপানীৰ পৰা এখন বিলাসী বাহনৰ সৈতে আটক কৰিছিল ৷

মনকৰিবলগীয়া যে ধৃত তেলচোৰটোক আৰক্ষীয়ে লগত লৈ নগাঁৱৰ বিভিন্ন স্থানত তেলচোৰ কৰা স্থান সমূহ দেখুৱাবলৈ অনাৰ সময়তে চোৰটো আৰক্ষীৰ জিন্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল ৷

যাৰবাবে আৰক্ষীয়ে এনকাউণ্টাৰ কৰে ৷ আটকাধীন তেলচোৰটো উজনিৰ বহু কেইটা অঞ্চলত তেল চুৰি কাৰ্যৰ স’তে দীৰ্ঘদিনৰ পৰা জড়িত আছিল।

Exit mobile version