Bone Health : হাড়ৰ ক্ষয় যোৱা ৰোধ কৰিবলৈ কেৱল কেলচিয়ামযুক্ত খাদ্যই যথেষ্ট নহয় , আৰু কি কি দৰকাৰ ?

c43b2436 cd94 4ccc 9c31 0152bb97e27c

Bone Health :

বয়স বাঢ়ি অহাৰ লগে আমাৰ হাড় ক্ষয় হোৱা ৰোগো হোৱা আৰম্ভ কৰে । যিটো প্ৰতিৰোধ কৰা ইমান সহজ নহয় । বিশেষকৈ নাৰীৰ এই ৰোগ সৰ্বাধিক হোৱা দেখা যায় ।

প্ৰধানকৈ হাড়ৰ ৰোগ বুলি কলেই আমাৰ মনলৈ আহে কেলচিয়ামযুক্ত আহাৰ খোৱা । এই ধাৰণা ভুল নহয় যদিও সমান্তৰালকৈ আৰু কিছু পুষ্টিকৰ উপাদানৰো জৰুৰী ।

১/ ভিটামিন কে :- হাড়ৰ গঠন ভালে ৰাখিবলৈ ভিটামিন কে অত্যন্ত জৰুৰী । হাড়ৰ বাবে জৰুৰী কেলচিয়াম সঞ্চিত হোৱাৰ পাছত ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ ভিটামিন কে ৰ প্ৰয়োজন হয় । শৰীৰে যাতে অতিৰিক্ত কে ভিটামিন লাভ কৰে ,তাৰেবাবে খাদ্য তালিকাত ব্ৰুক’লি , বন্ধাকবি ,পালেং শাক সংযোগ কৰিব লাগে ।

২/ ভিটামিন ডি :– ভিটামিন কে ৰ সমান্তৰালকৈ হাড় মজবুত কৰি ৰাখিবলৈ শৰীৰত ভিটামিন ডি ৰো আৱশ্যক । যদিও ভিটামিন ডি-এ শৰীৰৰ অতিৰিক্ত কেলচিয়াম শোষণ কৰিব নোৱাৰে তথাপি ১০-১৫ শতাংশ শোষণ কৰাত সহায় কৰে। ভিটামিন ডি লাভ কৰিবলৈ দৈনিক অন্ততঃ ১৫ মিনিট ৰ’দ ল’ব লাগে । সমান্তৰালকৈ খাদ্য তালিকাত চয়াবিন,পালেং শাক , মাছ সংযোগ কৰা দৰকাৰ ।

৩/ প্ৰোটিন :– হাড়ৰ গঠনৰ বাবে প্ৰোটিনৰো আৱশ্যক । পৰ্যাপ্ত পৰিমাণৰ প্ৰোটিনে হাড় ভঙাৰ আশংকা হ্ৰাস কৰে । প্ৰোটিন সমৃদ্ধ খাদ্যসমূহ হৈছে,বিভিন্ন প্ৰকাৰৰ দালি, মটৰ, কণী , মাংস, দুগ্ধজাত খাদ্য আদি ।

৪/ মেগনেচিয়াম :– হাড়ৰ অন্তৱৰ্তী গ্ৰন্থিত মেগনেচিয়াম থাকে । হাড়ৰ যিকোনো ৰোগ হ্ৰাস কৰাত মেগনেচিয়ামে সহায় কৰে । না-না ধৰণৰ বীজ,বাদাম আদিত মেগনেচিয়াম পোৱা যায় ।

৫/ ভিটামিন চি :-হাড় বৃদ্ধিৰ বাবে ভিটামিন চি খুবেই আৱশ্যক । ইয়াত থকা এন্টিঅক্সিডেন্টে যিকোনো ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে । য’ত হাড়ৰ ৰোগো জড়িত হৈ থাকে ।

সাধাৰণতে ভিটামিন চি ৰ বাবে যিকোনো শাকৰ লগতে শীতত কমলা আৰু মৌচুম্বী টেঙা খোৱাটো জৰুৰী ।

বি : দ্ৰ :- এই প্ৰতিবেদনটো তথ্যৰ ওপৰত আধাৰিত যদিও কোনো ৰোগত আক্ৰান্ত হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ।

Exit mobile version