New Year Wishes : নৱ বৰ্ষ উপলক্ষে প্ৰজ্ঞান জ্যোতি ভূঞা ( কটন বিশ্ববিদ্যালয় ,উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষ ) ৰ একান্ত অনুভৱ :

76792676 463b 40ac 9137 57cdc4ea3f62

New Year Wishes :

পোনপ্ৰথমেই সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো। নতুন বৰ্ষটো সকলোৰে বাবে ভাল হওঁক। সকলোৱে নিজ কৰ্মক্ষেত্ৰত দক্ষতাৰে অংশ লৈ নিজৰ সোপান ৰচক। এখন ক’ভিড মুক্ত শংকা মুক্ত সামাজিক পৰিৱেশৰ সূচনা হওঁক। তাৰে আশা কৰিলো।

নতুন বছৰৰ পৰিকল্পনা বুলিবলৈ মোৰ পৰীক্ষা আহি আছে। তাৰ বাবে ভালদৰে প্ৰস্তুতি চলাব লাগিব। আৰু বিশেষকৈ এটা প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’ম বুলি ভাবিছো তাৰে বাবে প্ৰস্তুতি চলাব লাগিব।

নতুন বছৰৰ সমাজ খনত পোনপ্ৰথমেই কম বেছি পৰিমাণে বৰ্তি থকা বৈষম্য সমূহ সম্পূৰ্ণ নিৰাময় হোৱাতো বিচাৰিছো। শংকৰদেৱৰ বৰ অসমীয়া সমাজৰ মহৎ আদৰ্শক সৰোগত কৰি সকলো আগবাঢ়ি যোৱাতো বিচাৰো।

ভাৰত বৰ্ষৰ জনসংখ্যাৰ অধাতকৈ বেছি জনসংখ্যাই আমাৰ যুৱ সমাজৰে পূৰ্ণ হৈ আছে। সয়েহে ভাৱো যুৱ কৰ্মদক্ষতাক মূল ইন্ধন হিচাপে লৈ দেশ বা জাতিটোক আগুৱাই লৈ যাবলৈ সকলোৰে কৰ্মস্পৃহাত গুৰুত্ব দিয়া উচিত লগতে আশাকৰিছো নতুন সমৃদ্ধিৰ আশাৰ সমাজ খনক সংঘৱদ্ধ যুৱ প্ৰজন্মৰ নেতৃত্বৰে ভৰষাৰ থলি কৰিব।

সমূহ শদ্ধাভাজন অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। পোন প্ৰথমেই অসমবাসী ৰাইজৰ পৰা আৰ্শীবাদ কামনা কৰিছো । আশা কৰো সাংস্কৃতিক স্বকীয়তা বৰ্তাই ৰাখি বাৰটা মাহৰ তেৰটা উৎসৱ অনুষ্ঠানৰ পৰম্পৰা অৱসান ঘটাই নিজ কৰ্মত অধিক মনোনিৱেশ কৰিব।

শিক্ষা বিভাগৰ কিছু নিয়ম নীতি সংশোধন হোৱাতো বিছাৰো। প্ৰথমেই শিক্ষা বৰ্ষৰ পৰিৱৰ্তনে ছাত্ৰ-ছাত্ৰী সকলক বাৰুকৈয়ে অসুবিধাত পৰিছে বিশেষকৈ ঠাণ্ডাৰ প্ৰকোপ চৰা অৱস্থাত বিদ্যালয়লৈ আহিব লগাত পৰিছে  । সম্ভৱপৰ হ’লে অসমৰ শিক্ষাবৰ্ষ পূৰ্বৰ দৰে জানুৱাৰী-ডিচেম্বৰ কৰা উচিত বুলি মই মত পোষণ কৰো

Exit mobile version