Panctual And Hard Working Employers :
ৰাজ্য চৰকাৰৰ স্নায়ুস্বৰূপ জনতা ভৱনত কৰ্মৰত ৪১গৰাকী নিষ্ঠাৱান কৰ্মচাৰীক মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনস্থ মুখ্যমন্ত্ৰীৰ সভাকক্ষত আনুষ্ঠানিকভাৱে অভিনন্দন টকেন প্ৰদান কৰে।
ADVERTISEMENT
উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ বিশেষ অভিনন্দন প্ৰাপক কৰ্মচাৰী কেই গৰাকীয়ে কাৰ্যালয়ত সময়মতে উপস্থিত থাকি নিজৰ কাম সুচাৰুৰূপে সম্পাদন কৰি আহিছিল ৷
আজি জনতা ভৱনত অনুষ্ঠিত এক অনুষ্টুপীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে স্বীকৃতি পত্ৰ প্ৰদান কৰে নিষ্ঠাৱান কৰ্মচাৰী কেইজনক ৷ অনুষ্ঠানত মন্ত্ৰী ৰনজিৎ কুমাৰ দাস,উখাও ব্ৰক্ষ্ম,জয়ন্তমল্ল বৰুৱা ,নন্দিতা গাৰ্লোচা,মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰ সহ কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে ৷






























