Bollywood Actor Ravi Janghu:
অসমীয়া কথাছবি বহ্নিমান আৰু ৰক্তবিজৰ অভিনেতা ৰবি জাংঘু এইবাৰ পুনৰ দেখা যাব বহু চৰ্চিত চিনেমা ‘লক্ষীপথাৰ’ত ৷
অভিনেতা গৰাকীয়ে ইয়াৰ পূৰ্বে তেলেগু, হিন্দী আৰু হাৰিয়ানাৰ চলচ্চিত্ৰত কাম কৰিছিল ৷ ইয়াৰ ভিতৰত গাজিয়াবাদ, সিনহা, কৰিম মহম্মদ, ৱেব চিৰিজ বিৰাট, এমএক্স প্লেয়াৰৰ অনুষ্ঠান মাধুৰী টকিজ সহ বহু কেইখন মুভিত।
চলচ্চিত্ৰ খনত তেওঁ ৰূপায়ণ কৰা ভূমিকাৰ বিষয়ে কয়, “মই এজন আইপিএছ বিষয়া ৰবিৰ ভূমিকা পালন কৰিছো ৷ চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উত্তৰ ভাৰতৰ পৰা লক্ষীপথাৰলৈ পঠিয়াইছে ৷
লক্ষীপথাৰ’ত অভিনয় কৰিবলৈ গৈ প্ৰথম অৱস্থাত তেওঁৰ বাবে এক প্ৰত্যাহ্বান আছিল।”
সেয়েহে আপুনি আপোনাৰ চৰিত্ৰটো সঠিক ৰূপত উপস্থাপন আৰু সুচিন্তিত উপায়েৰে ফুটাই তুলিব লাগে ৷ আনহাতে দৰ্শকে যাতে সেই সময়ৰ বেদনা অনুভৱ কৰিব পাৰে আৰু এনে সময়ৰ অংশীদাৰ হ’বলৈ পাই তেওঁ অত্যন্ত সুখী বুলি মন্তব্য কৰে ৷
জনপ্ৰিয় অভিনেতা গৰাকীয়ে আৰু কয়, “মোৰ প্ৰথম খন অসমীয়া কথাছবি আছিল ২০১৬ চনৰ বহ্নিমাণ আৰু ২০১৮ চনৰ ৰক্তবিজ।
‘লক্ষীপথাৰত এন এচ ডিৰ স্নাতক তথা সু-অভিনেতা জ্যোতি নাৰায়ণ নাথেও অভিনয় কৰিছে । একেদৰে অভিনেত্ৰী মেলোডি পাটগিৰি, বিনোদ লাল দাস, শিশু শিল্পী পাল্কিয়েও অভিনয় কৰিছে ।