Perliament New Bhawan : নৱনিৰ্মিত সংসদ ভৱনত অনুষ্ঠিত হ’ব বাজেট অধিৱেশন !

৩১ জনুৱাৰীৰ পৰা ছয় এপ্ৰিল পৰ্যন্ত হ'ব বাজেট অধিৱেশন

d8779e52 f0c5 4454 a4bc e8f14a056f77

Perliament New Bhawan :

নৱ নিৰ্মিত নতুন সংসদ ভৱনত ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব সংসদৰ বাজেট অধিৱেশন ৷ আনুষ্ঠানিকভাৱে সংসদীয় পৰিক্ৰমা বিভাগৰ ঘোষণা কৰা নাই যদিও লোকসভা সচিবালয় সূত্ৰ এটিৰ জৰিয়তে প্ৰাপ্ত খবৰ অনুসৰি সংসদৰ বাজেট ৩১জানুৱাৰী ছয় এপ্ৰিল পৰ্যন্ত অনুষ্ঠিত হ’ব। অৱশ্যে ইয়াৰ মাজতে কিছুদিন স্থগিত থাকিব অধিৱেশনৰ কামকাজ ৷

উল্লেখ্য যে সংসদৰ কেন্দ্ৰীয় হলত লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া অধিৱেশনৰ প্ৰথমদিনা সম্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে৷

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে একফেব্ৰুৱাৰীত সংসদত কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। মনকৰিবলগীয়া যে বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’ব ৩১ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ আৰু দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত দ’ব ছয় মাৰ্চৰ পৰা ছয় এপ্ৰিললৈ ৷

আনহাতে প্ৰথম পৰ্যায়ৰ অধিৱেশন সংসদৰ পুৰণি ভৱনত অনুষ্ঠিত হোৱা বিপৰীতে দ্বিতীয় অংশ হ’ব নৱ নিৰ্মিত ভৱনত ৷
সংসদৰ বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি সংসদৰ নতুন ভৱনৰ সাজসজ্জা যুদ্ধকালীন তৎপৰতাৰে অব্যাহত ৰাখিছে নিৰ্মাণ কোম্পানীয়ে ৷

Exit mobile version