Fish Thorns : ডিঙিত মাছৰ কাঁইট লাগিলে কি কৰিব ?

WhatsApp Image 2023 01 05 at 17.11.59

Fish Thorns :

বিভিন্ন ধৰণৰ মাছ আছে ,যিবোৰ কেৱল সুস্বাদুৱেই নহয় পুষ্টিকৰো । প্ৰতিদিন পুষ্টি চাহিদা পূৰণৰ বাবে মাছৰ বিকল্প নাই । কিন্তু সোৱাদযুক্ত মাছৰ কাঁইটৰ পৰিমাণ বেছি থাকে । যিটো কাৰণত বহুতেই মাছ খাবলৈ ভয় কৰে ।

বিশেষকৈ মাছৰ ভিতৰত থকা সৰু সৰু কাঁইট বচাৰ ধৈৰ্য্য বহুতৰে নাথাকে । বহুতেই কাঁইট বাচিব নজনা কাৰণে ভাতৰপাতত ডিঙিত কাঁইট লাগি ধৰা দেখা যায় ।

আচলতে এনে পৰিস্থিতিত কি কৰিব লাগে ? ডিঙিত মাছৰ কাঁইট লাগিলেও ভয় খাব নালাগে । এনে কাঁইট গুচোৱাৰ বিশেষ নিয়ম আছে । বিশেষকৈ কিছুমান ঘৰুৱা উপায় আছে , যাৰ যোগেদি এনে কাঁইট সহজে আতৰাব পাৰি ।

১/ শুকান ভাত :– ডিঙিত মাছৰ কাঁইট লাগিলে ভয় নকৰি এমুঠি শুকান ভাত নোচোৱোবাকৈ গিলি দিব লাগে ‌। কাঁইট যদি মিহি আৰু সৰু হয় , তেন্তে অলপ সৰহকৈ শুকান ভাত গিলি খোৱাৰ চেষ্টা কৰিব লাগে । দেখিব ভাতৰ লগতে কাইটডালো পেটৰ ভিতৰলৈ সহজে গুচি গৈছে ।

২/ অলিভ অইল :– অলিভ অইলৰ না-না ব্যৱহাৰৰ কথা সকলোৱে জানে । কিন্তু আপুনি হয়তো নাজানে যে , অলিভ অইল ব্যৱহাৰ কৰিও ডিঙিত লাগি ধৰা মাছৰ কাঁইট গুচাব পাৰি । অৰ্থাৎ ডিঙিত মাছৰ কাঁইট লাগিলে অলিভ অইল খাব লাগে । যিহেতু অন্য তেলৰ তুলনাত অলিভ অইল বেছি পিছল । যি সহজে ডিঙিৰ কাঁইট গুচোৱাত সহায় কৰে ।

৩/ গৰম পানী আৰু নেমুটেঙা :– ডিঙিত লগা কাঁইট দূৰ কৰাত সহায় কৰে গৰম পানী আৰু নেমুটেঙাই । প্ৰথমে পানী গৰম কৰি ল’ব লাগে । অৱশ্যে অতি বেছি গৰম নকৰিলেও হ’ব । সহ্য কৰিব পৰাকৈ গৰম কৰি , সেই পানীতে সামান্য নেমুটেঙাৰ ৰস চেপি মিহলি কৰি ল’ব লাগে । যিহেতু নেমুত এচিডিক ক্ষমতা থাকে , যি লাগি থকা কাঁইট সহজেই দূৰ কৰাত সহায় কৰে ।

৪/ ভিনেগাৰ :– ডিঙিত কাঁইট লাগিলে ঘৰত যদি ভিনেগাৰ আছে , তেন্তে পানীত অলপ ভিনেগাৰ মিহলি কৰি পান কৰিলে সহজে উপশম পাব পাৰি ।

৫/ নিমখ :– ডিঙিত মাছৰ কাঁইট লাগিলে নিমখৰ যোগেদিও গুচাব পাৰি । এগিলাচ কুহুমীয়া পানীত নিমখ মিহলাই পান কৰিলে ডিঙিত বিন্ধি থকা কাঁইট সহজে দূৰ হয় ।

Exit mobile version