Weird Laws : আপুনিও পৰিকল্পনা কৰিছে নেকি জাপানত থকাৰ, সাৱধান !

আপোনাৰ অলপ অসাৱধানতাই হ'ব পাৰে শাস্তিৰ কাৰণ

Japan 2107x1406 1

Weird Laws :

সুকুমাৰ ৰয়ৰ ‘একুছা আইন’ কমিকখন মনত আছেনে ? ‘শিৱ ঠাকুৰৰ নিজৰ দেশ’ৰ সকলো আইন অতি আচহুৱা । কোনোবাই পিছলি গ’লেও ২১ টকাৰ জৰিমনা দিব লাগে । সন্ধিয়া ছয় বজাৰ আগতে হামিয়াবলৈও টিকট কিনিব লাগিব ।

একেদৰে প্ৰতিখন দেশৰ একোটাকৈ নিয়ম আছে । এখন দেশত শাস্তি নোপোৱা কামক আন এখন দেশত অপৰাধ বুলি গণ্য কৰা হয় । জাপানত বহুতো অপৰাধৰ শাস্তি দিয়া হয় যিবোৰ আন দেশত অপৰাধ নহয় ।

বাৰিষা কালত ৰাস্তাত পানী জমা হ’লে আমি সাধাৰণতে দুয়োফালে চাই ৰাস্তা পাৰ হ‌ওঁ । কিন্তু হঠাৎ কোনোবা দিশৰ পৰা তীব্ৰবেগী গাড়ী আহিলে ৰাস্তাৰ বোকা পথচাৰীৰ ওপৰত পৰে । এই ঘটনাত পথচাৰীসকল বিৰক্ত হ’লেও গাড়ী চালকসকলে গন্তব্যস্থানলৈ গাড়ী চলাই যায় । কিন্তু জাপানত এই কাম শাস্তিযোগ্য ।

বাৰিষা পথত গাড়ী চলোৱাৰ সময়ত চালকৰ সন্মুখত কোনো পথচাৰী আহিলে গাড়ীৰ গতি কমাই দিব লাগে । গাড়ী চলাই থাকোঁতে ৰাস্তাৰে গৈ থকা পথচাৰীৰ ওপৰত যাতে বোকা নিছিটিকে । কিন্তু যদি কোনো গাড়ী চালকে এই নিয়ম মানি নচলে আৰু গাড়ীৰ তীব্ৰ গতিৰ বাবে ৰাস্তাৰ বোকা পথচাৰীৰ ওপৰত ছিটিকি পৰে, তেন্তে গাড়ী চালকে ভাৰতীয় মুদ্ৰাত প্ৰায় ৪,৫০০ টকা জৰিমনা ভৰিব লাগিব ।

জাপানৰ লোকসকলে যিকোনো সময়তে ঘৰৰ ডাষ্টবিনত ৰখা আৱৰ্জনা লৈ বাহিৰলৈ ওলাই যাব নোৱাৰে । যদি কোনোৱে ভাবে মাজনিশা বা পুৱাৰ ভাগত ৰাস্তাৰ কাষত আৱৰ্জনাৰে ভৰা মোনা এটা থৈ যাব আৰু আৱৰ্জনা চফা কৰা গাড়ীখনে আহি ৰাতিপুৱা বেগটো লৈ যাব – সেয়া সম্ভৱ নহয় ।

সপ্তাহৰ কিছুমান নিৰ্দিষ্ট দিনত যেতিয়া অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে নিৰ্দিষ্ট সময়ত অঞ্চলটো চফা কৰিবলৈ আহে, তেতিয়া সকলোকে জাবৰ-জোঁথৰ লৈ ওলাই যাবলৈ নিৰ্দেশ দিয়া হয় । জাপানৰ ৰাজপথত মাজে মাজে বনৰীয়া ৰেকুন বিচৰণ কৰে। সিহঁতে আৱৰ্জনাৰ মোনাবোৰ ফালি পথছোৱা লেতেৰা কৰিব পাৰে । ইয়াৰ উপৰি সেই আৱৰ্জনাৰ বাবে হঠাৎ অগ্নিসংযোগ হ’ব পাৰে । সেয়ে এই নিয়ম ।

বন্ধু-বান্ধৱী বা সহকৰ্মীসকলে একেলগে খাবলৈ ক’ৰবালৈ গ’লে কেতিয়াবা সুৰাপান কৰা দেখা যায় । কিন্তু কেতিয়াবা এই খোৱা অধিবেশনবোৰত সুৰাপন ভাল নোপোৱা দুই এজনো উপস্থিত থাকে । বহুসময়ত তেঔঁলোকক মদ খাবলৈ বাধ্য কৰা হয় । ভাৰত বা আন কোনো দেশত এই কাৰ্যক অপৰাধ বুলি গণ্য কৰা হোৱা নাই যদিও জাপানত ইয়াক অপৰাধ বুলি গণ্য কৰা হয় । জাপানত কাৰোবাক জোৰকৈ মদ খোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

‘ৱাকি টকি’ৰ জৰিয়তে ইজনে সিজনৰ লগত সহজেই যোগাযোগ ৰাখিব পাৰি । কিন্তু জাপানত এই বিষয়ত কঠোৰ নিয়ম আছে । আন দেশৰ পৰা কিনা ৱাকি টকি জাপানত ব্যৱহাৰ কৰিব নোৱাৰি ।

জাপানে গুৰুত্বপূৰ্ণ তথ্য প্ৰেৰণৰ বাবে তেওঁলোকৰ ৰেডিঅ’ নেটৱৰ্ক ব্যৱহাৰ কৰে । জাপানত আন এখন দেশৰ ৱাকি টকি ব্যৱহাৰ কৰিলে সেই নেটৱৰ্কত ব্যাঘাত জন্মিব পাৰে । এই নিৰ্দেশ অমান্য কৰিলে এবছৰৰ কাৰাদণ্ড বা ভাৰতীয় মুদ্ৰাত ছয় লাখ ৩১ হেজাৰ টকা জৰিমনা বিহা হ’ব পাৰে ।

মিনি স্কাৰ্ট বা বিকিনি ড্ৰেছ – এই ধৰণৰ যিকোনো চুটি দৈৰ্ঘ্যৰ পোছাক য’ত ভৰিৰ কিছুমান উন্মুক্ত অংশ পৰিলক্ষিত হয় । জাপানত ১৯৪৮ৰ ‘লাইট ক্ৰাইমছ এক্ট’ অনুসৰি এগৰাকী মহিলাই ৰাজহুৱা স্থানত উৰু আৰু ভৰিৰ পিছফালৰ অংশ উন্মোচন কৰিব নোৱাৰে । যদি কোনোবাই এই নিৰ্দেশ অমান্য কৰে তেন্তে তেওঁক ২৯ দিন পৰ্যন্ত কাৰাগাৰত ৰখা হয় । অৱশ্যে বৰ্তমান এই নিয়ম কোনেও পালন নকৰে । সময়ৰ সোঁতত জাপানীসকল সকলো ধৰণৰ সাজ-পোছাকত অভ্যস্ত।

১৯৬০লৈকে জাপানৰ পথত বগা আৰু ৰঙা গাড়ী চলোৱাটো এক প্ৰকাৰৰ নিষিদ্ধ আছিল । জৰুৰীকালীন গাড়ী, এম্বুলেন্স, আৰক্ষী বা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ বাবে বগা আৰু ৰঙা ৰং ব্যৱহাৰ কৰা হৈছিল । ব্যক্তিগত বাহন আৰু এনে বাহন চিনাক্তকৰণৰ সুবিধাৰ বাবে এই নিয়ম প্ৰৱৰ্তন কৰা হৈছিল। অৱশ্যে এই নিয়ম এতিয়া পালন কৰা নহয় ।

২০০৮ৰ জাপানৰ মেটাব’ আইন অনুসৰি প্ৰত্যেকৰে এটা নিৰ্দিষ্ট বয়সৰ পাছত প্ৰত্যেকে তেওঁলোকৰ কঁকাল জোখিব লাগে । ৪০ বছৰ বয়সৰ পাছত বছৰত এবাৰ হ’লেও কঁকাল জুখিব লাগে ।

পুৰুষৰ ক্ষেত্ৰত কঁকালৰ জোখ ৮৫.০৯ চে.মি. আৰু মহিলাৰ ৮৯.৯২ চে.মি. যদি কঁকালৰ জোখ ইয়াতকৈ বেছি হয় তেন্তে ব্যায়াম আৰু খাদ্যৰ জৰিয়তে ইয়াক সঠিক আকাৰলৈ ঘূৰাই আনিব লাগিব । সাধাৰণতে ৪০ৰ পৰা ৭৪ বছৰলৈকে জুখিব লাগে ।

যদি কোনো চুবুৰীয়াৰ চিঠি-পত্ৰ ভুলৱশতঃ আপোনাৰ ঘৰত আহি যায়, তেন্তে আমি নিৰ্দিষ্ট ঘৰলৈ প্ৰেৰণ কৰি দিওঁ । কিন্তু জাপানত সেই কাৰ্য্য অপৰাধতুল্য ।

জাপানৰ আইন অনুযায়ী যদি কোনো চুবুৰীয়াৰ চিঠি ভুলতে আহি যায় তেন্তে সেই চিঠিখন ডাকঘৰলৈ ঘূৰাই দিব লাগে । চিঠিখন পুনৰ শুদ্ধ ঠিকনালৈ ডাকঘৰৰ দ্বাৰা প্ৰেৰণ কৰা হ’ব । প্ৰেৰক আৰু গ্ৰাহকৰ গোপনীয়তা অটুট ৰাখিবলৈ এই নিয়ম প্ৰৱৰ্তন কৰা হৈছে ।

জাপানত কেৱল স্বাস্থ্যজনিত সমস্যা বা কৰ্মসূত্ৰে দম্পতীয়ে পৃথকে পৃথকে থাকিব পাৰে । ইয়াৰ উপৰি কোনো দম্পতীক সুকীয়া স্থানত দীৰ্ঘদিন থাকিবলৈ দিয়া নহয় । জীৱন-যাপনৰ ব্যয় আৰু বিবাহ বিচ্ছেদৰ সংখ্যা হ্ৰাস কৰিবলৈ এই নিয়ম প্ৰৱৰ্তন কৰা হৈছিল ।

Exit mobile version