Aircraft : ১০,০০০ ফুট উচ্চতাত খুলিলে বিমানৰ দুৱাৰ !

বিমান ১০ হেজাৰ ফুট উচ্চতাত উৰি থাকোঁতেই হঠাৎ পাছফালৰ দুৱাৰ খুলি গ'ল । দুৱাৰ খোলাৰ পাছতেই ওলাই যায় যাত্রীসকলৰ সামগ্ৰী ! হুহুৱাই বতাহ সোমাল বিমানত

russian plane rear door open takeoff comp

Aircraft :

বিমান ১০ হেজাৰ ফুট উচ্চতাত উৰি থাকোঁতেই হঠাৎ পাছফালৰ দুৱাৰ খুলি গ’ল । দুৱাৰ খোলাৰ পাছতেই যাত্রীসকলৰ সামগ্ৰী ওলাই যায় ! বিমানৰ ভিতৰ হুহুৱাই বতাহ সোমায় । মাজ আকাশত হঠাৎ এনে ঘটনাত আতংকিত হৈ পৰে যাত্রীসকল । তেওঁলোকে চিৎকাৰ কৰিবলৈ লয় । এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাছিয়াৰ এনএন-২৬-১০০ বিমানত ।

বিমানত যাত্রী আছিল ২৫ জন । বিমান ইৰএয়াৰ’ সংস্থাৰ । ছাইবেৰিয়াৰ চহৰ মাগানৰ পৰা মাদাগান যোৱাৰ পথত এই ঘটনা ঘটিছে । সেই ঘটনাৰ দৃশ্য কেমেৰাবন্দী কৰিছে বিমানৰেই এজন যাত্রীয়ে । যদিও ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা নাই দৈনিক অগ্ৰদূতে ।

নিউজিলেণ্ড হেৰল্ড-ৰ প্রতিবেদন অনুযায়ী, দুৱাৰ খুলি যোৱাৰ বিষয়টো বিমানকর্মীসকলৰ দৃষ্টিগোচৰ হোৱাৰ পাছতেই তেওঁলোকে বিমানখনক মাগান চহৰত উভতাই লৈ যোৱাৰ পৰিকল্পনা কৰে । দ্রুত বিমানখনক তেনে অৱস্থাতে মাগান চহৰত নিৰাপদে অৱতৰণ কৰে পাইলটে । এই ঘটনাত কোনো যাত্রী আহত হোৱা নাই বুলি বিমান সংস্থাটোৱে জনাইছে ।

অৱশ্যে মাজ আকাশত বিমানৰ দুৱাৰ খুলি যোৱাৰ ঘটনাত যাত্রীসকলৰ নিৰাপত্তাক লৈ প্রশ্ন উত্থাপন হ’বলৈ লৈছে । বিমান সংস্থা ইৰএয়াৰ’ই জনাইছে, কেনেকৈ বিমানৰ দুৱাৰ খুলিল, সেই সন্দৰ্ভত তদন্ত কৰা হ’ব । ২৬খন আসনৰ এই বিমানখন ১৯৭৯ৰ পৰা ছাইবেৰিয়াত চলিছে ।

Exit mobile version