Amanishali Bhelaghar : ৰহাৰ আমনিশালীত শিল্পী ভগৱান সেনাপতিৰ হাতত পৰশত

প্ৰাণ প্ৰায় উঠিছে আটকধুনীয়া ভেলাঘৰ

WhatsApp Image 2023 01 13 at 5.48.17 PM 1

Amanishali Bhelaghar :

চাওঁতে চাওঁতে অসমীয়াৰ পদুলিমুখত হেঁপাহৰ ভোগালী । মাজত মাত্ৰ এটা দিন ৷ কাইলৈ উৰুকা, পৰহি বিহু ৷ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া বিহুৰ পূৰ্ণ আয়োজন।

চেনেহৰ বিহুটিক আদৰিবলৈ গঞা ৰাইজে ব্যাপক প্ৰস্তুতি চলাইছে ৷ উজনিৰ পৰা নামনিলৈ ঠায়ে ঠায়ে নিৰ্মাণ কৰা হৈছে আটকধুনীয়া ভেলাঘৰ

যেন এতিয়া সৰ্বত্ৰে ভেলাঘৰ নিৰ্মাণৰ এক অঘোষিত প্ৰতিযোগিতা ৷কৰবাত যদি কাৰেং ঘৰ- তলাতল ঘৰ৷আকৌ কৰবাত নিৰ্মাণ হৈছে নগাঁৱৰ মহামৃতন্জয় আৰ্হিৰ ভেলাঘৰ ৷

বিগত বৰ্ষৰ দৰে এইবাৰো নগাঁও জিলাৰ ৰহাৰ আমনিশালীটো শিল্পী ভগৱান সেনাপতিৰ হাতত পৰশত প্ৰাণ প্ৰায় উঠিছে আটকধুনীয়া ভেলাঘৰ ৷

যোৱা এঘাৰটা বছৰে নতুন নতুন বিষয়বস্তু লৈ সেনাপতিয়ে এটা শিল্পীৰ দলৰ স’তে মিলি সাজি উলিয়াইছে হাতী- মানুহৰ সংঘাত শীৰ্ষক ভেলাঘৰ ৷

উল্লেখ্য যে ,ভেলাঘৰটোত উপস্থাপন কৰা হৈছে এগৰাকী মহিলাই বন্যহস্তীৰ খাদ্যৰ বাবে ৰোপণ কৰিছে কলগছ ৷ আৰু এই কাৰ্যৰ বাবে বনৰীয়া হাতীয়ে আৰ্শীবাদ দিছে মহিলা গৰাকীক ৷

শিল্পী সেনাপতিয়ে নতুন বিষয়বস্তুক লৈ নিৰ্মাণ কৰা ভেলাঘৰৰ সন্দৰ্ভত কয়, পাহাৰত হাতীৰ খাদ্য কমি অহাৰ বাবে সময়ে সময়ে খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি আহি বন্যহস্তীয়ে চলায় তাণ্ডৱলীলা ৷

বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবৰ বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গঞাই৷ সেয়েহে এনে প্ৰেক্ষাপটত সমতলৰ ৰাইজে বন্যহস্তীৰ খাদ্যৰ বাবে ৰোপন কৰক কলগছ ৷ এনে কৰিলে ক্ৰমাৎ কমিব হাতী-মানুহৰ সংঘাত

এই বিষয়বস্তুক লৈ শিল্পী গৰাকীয়ে নিৰ্মাণৰ পৰিকল্পনা কৰিছিল ব্যতিক্ৰমী ভেলাঘৰ ৷ মনকৰিবলগীয়া যে অৰ্থসংকটৰ সন্মুখীন হোৱা শিল্পী গৰাকীয়ে ভেলাঘৰটি নিৰ্মাণৰ বাবে সুদত টকা লয় ৮০ হাজাৰ টকা ৷

তথাপিও যেন শিল্পী সেনাপতি থমকি ৰোৱা নাই তেওঁ শিল্পকৰ্ম ৷ প্ৰতিবৰ্ষত নতুন নতুন চিন্তা লৈ উদ্যমেৰে নিৰ্মাণ কৰি গৈছে ইটোৰ পিছত সিটোকৈ সুকীয়াধৰ্মী ভেলাঘৰ ৷

Exit mobile version