Pijush Hazarika:ভূপেন বৰাৰ দিনতে ধ্বংস হৈছে কংগ্ৰেছঃ মন্ত্ৰী পীযুষ হাজৰিকা

অসমত এদিন অপ্ৰাসংগিক হৈ পৰিব কংগ্ৰেছ আৰু এআইইউডিএফ

WhatsApp Image 2023 01 13 at 6.57.10 PM

Pijush Hazarika:

‘ কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক লৈ বিজেপিৰ মূৰৰ কামুৰণি নাই। এতিয়া কংগ্ৰেছ এআইইউডিএফ লৈ ব্যস্ত আৰু এআইইউডিএফ কংগ্ৰেছকলৈ ব্যস্ত হৈ আছে। দুয়োটা দলে বৰ্তমান মিত্ৰতাৰ খেল খনক লৈ ব্যস্ত হৈ আছে। আমি ৰাইজক লৈ ব্যস্ত হৈ আছোঁ ৰাইজৰ কাম কৰি আছোঁ গতিকে আগন্তুক নিৰ্বাচনত আমিয়েই জয়ী হম ।’ আজি জাগীৰোডত এইদৰে মন্তব্য কৰে জলসম্পদ, তথ্য আৰু জনসংযোগৰ মন্ত্ৰী পীযুষ হাজৰিকাই

মন্ত্ৰী গৰাকীয়ে আৰু কয়, আমি অসমৰ ৰাইজৰ লগত আছোঁ | অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই দিনে-ৰাতিয়ে অসমৰ ৰাইজকলৈ কাম কৰি আছে। আমাৰ চিন্তাধাৰা হৈছে অসমক আগুৱাই লৈ যোৱা। ভাৰত বৰ্ষৰ এখন উন্নত ৰাজ্যলৈকে অসমক ৰূপান্তৰিত কৰা। গতিকে আমাৰ বাবে চিন্তাৰ কোনো কাৰণ নাই।

বৰ্তমান মুছলমানক লৈ তুষ্টিকৰণৰ প্ৰতিযোগিতা ব্যস্ত হৈ আছে কংগ্ৰেছ আৰু এআইইউডিএফ। ভূপেন বৰাৰ দিনতে কংগ্ৰেছ ধ্বংস হৈছে । তেওঁৰ নেতৃত্বতে এফাল পৰা একাধিক নিৰ্বাচনত পৰাজয়ৰ মুখ দেখিছে কংগ্ৰেছে । এনেদৰে ধ্বংস হৈয়েই অসমত এদিন কংগ্ৰেছ আৰু এআইইউডিএফ অপ্ৰাসংগিক হৈ পৰিব । ২৬ ৰ অসমত চৰকাৰ গঠন কৰা ভূপেন বৰাৰ দাবী অলিক কল্পনা বুলি মত প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

২৪ৰ নিৰ্বাচনত অসমৰ ১২টা লোকসভা সমষ্টিত নিশ্চিতভাৱে জয় হোৱাৰ কথা প্ৰকাশৰ লগতে অহা ২৬ৰ বিধানসভা নিৰ্বাচনত ১০০ৰো অধিক আসনত বিজেপি জয় হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই।

ভোগালী বিহুৰ শুভেচ্ছা মন্ত্ৰী পীযুষ হাজৰীকাৰ :

সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনাই  জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই।

অসমীয়াৰ অতি আপোন ভোগালী ভোগৰ হওক, সদায় আনন্দৰ উৎসৱ হৈ ৰওক |  অসমীয়া জাতিৰ অতি আদৰৰ এই ভোগালী সকলোৱে ভালদৰে পালন কৰাৰ লগতে সকলোৰে জীৱন সুখ-সমৃদ্ধিৰে ভৰি পৰক ভগৱানৰ ওচৰত  কামনা কৰে মন্ত্ৰীগৰাকীয়ে।

Exit mobile version