Sipajhar Bhelaghar : এহাল কপৌ চৰাইৰ বাবেই ভেলাঘৰত

অগ্নি সংযোগৰ পৰা বিৰত থাকিল এটা চুবুৰীৰ ৰাইজ , ছিপাঝাৰত পক্ষী প্ৰেমৰ অপূৰ্ব নিদৰ্শন

WhatsApp Image 2023 01 16 at 9.03.06 PM

Sipajhar Bhelaghar :

ছিপাঝাৰ বিধান সভাৰ সমষ্টিৰ অন্তৰ্গত ইতিহাস প্ৰসিদ্ধ বৰদৌলগুৰিৰ প্ৰায় সত্তৰটা পৰিয়ালক লৈ গঠিত সৰু চুবুৰি হলেও ককাইতোলা গাওঁ হিচাপে পৰিচিত চুবুৰিটো।

পূৰ্বৰ পৰাই “ককাইতোলা” হিচাপে এই ভু-খণ্ড পৰিচিত যদিও ভৌগোলিক ভাবে এয়া বৰ্তমানলৈ স্বীকৃত নহয় । এই গাৱঁতে পোন প্ৰথমবাৰৰ বাবেই এইবাৰ বিঘ্নিত হ’ল ভোগালী বিহুৰ পৰম্পৰা।

মাঘ বিহুৰ বাবে নিৰ্মাণ কৰা হৈছিল এটা ভেলাঘৰ। বৰ হেঁপাহৰে সাজিছিল ভেলাঘৰটো ককাইতোলা বাসীয়ে । পিছে উৰুকাৰ পূৰ্বেই ভেলাঘৰত বাঁহ সাজিলে এযোৰ কপৌ চৰাইয়ে। আনকি কণীও পাৰিলে কপৌ হালে ।

যাৰ বাবে গাঁওখনৰ ৰাইজে কপৌহালৰ স্বাৰ্থতে ভেলাঘৰটো জ্বলাই নিদি সংৰক্ষণ কৰিলে ভেলাঘৰটো। ৰাইজে ঠিক কৰিছে চৰাই হালে নিৰাপদে পোৱালী নজগোৱা পৰ্যন্ত ভেলাঘৰটোও প্ৰজ্বলন নকৰে।

গাওঁ খনৰ ৰাইজৰ এই প্ৰয়াস ইতিমধ্যে বিশেষ ভাবে চৰ্চিত হৈ পৰিছে । ইচ্ছা কৰিলে ডেকা সকলে চৰাইটোক খেদি দি নতুবা চৰাইৰ বাঁহটিক স্থানান্তৰ কৰি ভেলাঘৰটো জ্বলাব পাৰিলেহেঁতেন, কিন্তু সেয়া কৰিলেও চৰাইহালৰ অনিষ্ট হোৱাৰ আশংকা আছিল । এতিয়া গাওবাসীয়ে নেদেখাজনক প্ৰাৰ্থনা কৰিছে সুস্থ ভাবে পোৱালী জগাওক কপৌহালে।

মানুহৰ মাজৰ পৰা দয়া -আবেগ আদি কমি যোৱা বুলি চৰ্চা হোৱাৰ সময়তে এই সৰু কৰ্মটি মহৎ বুলিয়েই বিবেচিত হৈছে।

Exit mobile version