Tezpur Poki :ন-ৰূপত উজ্বলি উঠিব তেজপুৰৰ ঐতিহাসিক ‘পকী’

WhatsApp Image 2023 01 16 at 6.22.12 PM

Tezpur Poki :

ৰাজ্যখনৰ জাতীয় জীৱনৰ এক গৌৰৱ তথা ঐতিহাসিক স্বাক্ষৰ তেজুপৰস্হিত জ্যোতিভাৰতী অৰ্থাৎ ‘পকী’ ক বিজ্ঞান সন্মতভাৱে সংৰক্ষণ আৰু উন্নয়ণৰ বাবে শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপে ঐতিহ্যমণ্ডিত ‘পকী’ ক অধিক উজ্বলাই তুলিব বুলি আশা কৰা হৈছে ৷

উল্লেখ্য যে,স্বনামধন্য হৰিবিলাস আগৰৱালাই ১৮৭৬ ত তেজপুৰত নিমাৰ্ণ কৰিছিল সেইসময়ত তেজপুৰৰ প্ৰথমটো পকীঘৰ ‘পকী’৷ এই ‘পকী’ৰ লগতে সংপৃক্ত হৈ আছে ৰাজ্যৰ জাতীয় জীৱনৰ অনুপম অধ্যায়৷ অসমীয়া ভাষা-সাহিত্য, কলা-কৃষ্টি, শংকৰী কলা কৃষ্টি, দেশৰ স্বাধীনতা আন্দোলন আদি সকলোৰে পৰশত জীপাল তাহানিৰ ‘পকী’৷

উল্লেখযোগ্য যে, হৰিবিলাস আগৰৱালাৰ শ্ৰীমন্ত শংকৰ দেৱৰ দৰ্শন আৰু সৃষ্টিৰ প্ৰতি আছিল বিশেষ আকৰ্ষণ ৷ সেয়ে এইগৰাকী বিশিষ্ট লোকে বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা কীৰ্তন-দশম, ভক্তি, ৰত্নাৱলী, ভটিমা-গুণমালা আদি সাঁচিপাতৰ পুথিবোৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পৰিভ্ৰমণৰে সংগ্ৰহ কৰি এই এই ‘পকী’ তেই এক অধ্যয়নপুষ্ট পৰিৱেশত ১০-১৫ জনীয়া বিশেষজ্ঞই ৰিজাই-মিলাই প্ৰকৃত ৰচনাবোৰ উদ্ধাৰ কৰি কলিকতালৈ নি সুন্দৰ কাগজত ছপা কৰি উলিয়াইছিল ৷

হৰিবিলাস আগৰৱালাই ‘পকী’ ৰ চৌহদৰ পৰাই জনগোষ্ঠীয় লোক সকলৰ মাজত ভাৱৰ আদান-প্ৰদানৰে এক সমন্বয়ৰ বাতা-বৰণ গঢ়ি তুলিছিল ৷

অৰুণাচলৰ গাম সকলৰ পৰা বিভিন্ন জনগোষ্ঠীয় লোকে ‘পকী’ ত জিৰণিও লৈছিলহি৷ স্বাধীনতা সংগ্ৰামত ‘পকী’ হৈ পৰিছিল প্ৰাণকেন্দ্ৰ ৷ মহাত্মা গান্ধীকে ধৰি জৱহৰলাল নেহৰু লৈকে ‘পকী’ ত বাহৰ পাতি দেশৰ স্বাধীনতা সংগ্ৰামৰ বাণী বিলাইছিল ৷

১৯৭৭ত ৰাজ্য চৰকাৰে পকীগৃহটোৰ লগতে বহু অমূল্য সম্পদ ৰাজ্যৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনলৈ আনে ৷ তেতিয়াৰ পৰাই ‘পকী’ৰ চোৱা-চিতা তথা পৰিচালনাৰ দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰে ৷

এই ‘পকী’ ত নিজা সম্পদৰ লগতে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, শোণিতকোঁৱৰ গজেন বৰুৱাৰ স্মৃতি বিজৰিত ৪৬০ বিধ আপুৰুগীয়া সম্পদ সংৰক্ষিত হৈ আছে ৷

অতি যত্নৰে সংৰক্ষিত হ’লেও অত্যাধুনিক বিজ্ঞানসন্মতভাৱে এই অমূল্য সম্পদসমূহ সংৰক্ষণ নোহোৱাত ‘পকী’ ত থকা এনে বহুকেইবিধ সম্পদেই সম্প্ৰতি নস্ত হোৱাৰ আশংকা কৰা হৈছে ৷

ইয়াৰে ভিতৰত জ্যোতি প্ৰসাদে পৰিধান কৰা তথা লিখা সাজ-পাৰ, চিঠি-পত্ৰ, ফটো আদি প্ৰধান ৷ সম্প্ৰতি এনে মহামূল্যবান সম্পদৰাজিৰ অত্যাধুনিক আৰু বিজ্ঞানসন্মত ব্যৱস্থাৰে সংৰক্ষণ কৰাৰ বাবে তথা ‘পকী’ ৰ উন্নতিকৰণৰ বাবে শেহতীয়াকৈ শোণিতপুৰ প্ৰশাসনৰ তৎপৰতাত ৰাজ্য চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷

‘পকী’ক বিজ্ঞানসন্মত সংৰক্ষণ আৰু উন্নীতকৰণৰ বাবে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ তৎপৰতাত আৰু জ্যোতি ভাৰতীৰ সাংস্কৃতিক উন্নয়ন বিষয়া জীতেন কুমাৰ দাসৰ সহযোগত ইতিমধ্যে ১২ কোটি ৫৬ লাখ টকাৰ এক প্ৰকল্প প্ৰস্তাৱ অসম চৰকাৰলৈ প্ৰেৰণ কৰিছে ৷

এই প্ৰকল্প প্ৰস্তাৱত আছে ‘পকী’ ত সংৰক্ষিত সম্পদৰাজিৰ বিজ্ঞানসন্মত সংৰক্ষণ, এটা অত্যাধুনিক প্ৰেক্ষাগৃহ, জ্যোতি বিষ্ণু ফণী শৰ্মাৰ আৰকাইভ, থলুৱা গীত-মাতৰ বাণীবদ্ধ আৰু সংৰক্ষণ কৰিবলৈ এটা ষ্টুডিঅ’, তিনিটা অতিথিশালা, পুথিভৰাল আৰু কাৰ্যালয় গৃহ৷এই প্ৰকল্প প্ৰস্তাৱটো ইতিমধ্যে শোণিতপুৰ প্ৰশাসনে ৰাজ্য চৰকাৰৰ ওচৰত দাখিল কৰিছে ৷

ইতিমধ্যে এই প্ৰস্তাৱ ৰাজ্য চৰকাৰে অনুমোদন জনাব বুলিও জানিবপৰা গৈছে৷স্মৰ্ত্তব্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই ‘পকী’ পৰিদৰ্শন কৰি ‘পকী’ৰ সংৰক্ষণ আৰু উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷

তদুপৰি তেজপুৰত অনুষ্ঠিত কেবিনেট বৈঠকতো ‘পকী’ৰ উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ উল্লেখযোগ্য যে, বৰ্তমান ‘পকী’ চৌহদত উল্লিখিত প্ৰকল্পৰ কাম আৰম্ভ হ’লে আৰু অধিক মাটিৰ প্ৰয়োজন হ’ব আৰু সেয়েহে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ পৰিয়ালৰ স’তে প্ৰয়োজনীয় অধিক মাটিৰ বাবে যোগাযোগ কৰি থকা হৈছে বুলি জ্যোতি ভাৰতীৰ সাংস্কৃতিক আৰু উন্নয়ণ বিষয়া জীতেন কুমাৰ দাসে জানিবলৈ দিছে ৷

সাংস্কৃতিক উন্নয়ন বিষয়া দাসে জনোৱা মতে ‘পকী’ক বিজ্ঞানসন্মত সংৰক্ষণৰ হেতু নতুন দিল্লীৰ ইণ্ডিৰা গান্ধী নেছনেল আৰ্ট এণ্ড কালছাৰ [আই.জি.এন.চি] লগত যোগাযোগ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

ইতিমধ্যে আই.জি.এন.চিৰ চাৰিজনীয়া সংৰক্ষণ বিশেষজ্ঞৰ দলে ‘পকী’ লৈ আহি চাৰিদিন বাহৰ পাতি থাকি সকলো দিশ পৰ্যবেক্ষণ কৰি গৈছে৷ বৃটিছ পদ্ধতিৰে ডকুমেন্টেচন প্ৰক্ৰিয়া আই.জি.এন.চি য়ে ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে ৷

Exit mobile version