Congress Mp Candidate Barsha Rani: Barasharaniকংগ্ৰেছৰ লোকসভাৰ প্ৰাৰ্থীত্ব তালিকাত গুৱাহাটীৰ বাবে অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ নাম !

WhatsApp Image 2023 01 17 at 3.27.07 PM 1

Congress Mp Candidate Barsha Rani:

কইনা খোজৰে ৰাজনীতিলৈ আহিল নেকি চলচিত্ৰাভিনেত্ৰী বৰষাৰাণী বিষয়া ৷ এই সন্দৰ্ভত শেহতীয়াকৈ ব্যাপক চৰ্চা লাভ কৰাৰ সমান্তৰালভাৱে চ’ছিয়েল মিডিয়াতো চৰ্চা চলিছে বহুলভাৱে ৷ কংগ্ৰেছ দলৰ গুৱাহাটী সংসদীয় সমষ্টিৰ প্ৰাৰ্থী হ’ব বুলি চলিছে ব্যাপক প্ৰচাৰ ।

অসম প্ৰদেশ কংগ্ৰেছৰ এক সূত্ৰৰ তথ্যানুসৰি কংগ্ৰেছে অভিনেত্ৰীগৰাকীলৈ আগবঢ়াইছে প্ৰাৰ্থিত্বৰ প্ৰস্তাৱ। উল্লেখ্য যে আছুৰ উদ্যোগত লতাশিল খেলপথাৰত আৰম্ভ কৰা কা’ বিৰোধী আন্দোলনত বৰষাই উদাত্ত ভাষণৰে চৰকাৰক থকাসৰকা কৰিছিল ৷

যাৰবাবে অভিনেত্ৰী গৰাকীৰ এই স্থিতিক এইবাৰ অস্ত্ৰৰূপে লৈ কংগ্ৰেছে গুৱাহাটীৰ প্ৰাৰ্থীত্ব দিয়াৰ পৰিকল্পনা কৰিছে ৷
অৱশ্যে বৰষা ৰাণী বিষয়াই সন্মতি দিয়াটো এই পৰ্যন্ত হোৱা নাই নিশ্চিত ৷

উল্লেখ্য যে ২৯২৪ বৰ্ষৰ লোকসভাৰ নিৰ্বাচনৰ কাৰণে কংগ্ৰেছে ইতিমধ্যে ১৪টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিছে ৷
আনকি এই তালিকা শেহতীয়াকৈ পৰিছেগৈ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ হাতত  ৷

আনহাতে বিজেপিয়ে গুৱাহাটীৰ প্ৰাৰ্থী সলনি কৰাৰ পৰিকল্পনা কৰিছে ৷ গুৱাহাটীৰ সাংসদ তথা বৰ্ষীয়ান নেত্ৰী কুইন ওজাৰ পৰিৱৰ্তে বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাক প্ৰাৰ্থিত্ব দিব বুলিও ব্যাপক চৰ্চা চলিছে বিজেপি মহলত ৷

Exit mobile version