City Police Seized Ganja: মহানগৰীৰ খানাপাৰাত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

এখন ট্ৰাকৰ পৰা জব্দ ৩২০ কিলোগ্ৰাম গাঞ্জা

WhatsApp Image 2023 01 20 at 3.00.56 PM

City Police Seized Ganja:

মহানগৰীৰ খানাপাৰাত আৰক্ষীৰ অভিযানত জব্দ গাঞ্জা ৷ এখন ট্ৰাকৰ পৰা জব্দ ৩২০ কিলোগ্ৰাম গাঞ্জা ৷ বৃহস্পতিবাৰে নিশা মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্ত নেতৃত্বত এটা আৰক্ষী দলে বিশেষ সূত্ৰৰ পমখেদি খানাপাৰাত এখন ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা উদ্ধাৰ কৰে ৩২০ কিলোগ্ৰাম গাঞ্জা ৷  আটক কৰে এজন সৰবৰাহকাৰী

ধৃত সৰবৰাহকাৰীটো ত্ৰিপুৰাৰ থংগিয়া মোগ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ আনহাতে আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ নম্বৰ এন এল ০১-কে৩০৯৫ ৷ সন্দেহ কৰা মতে ট্ৰাক খন নাগালেণ্ডৰ পৰা চোৰাংকৈ বুজাই আনিছিল নিষিদ্ধ গাঞ্জাখিনি।

Exit mobile version