Dhing Firing :নগাঁৱৰ ধিঙত ভয়ংকৰ ঘটনা

জীয়ৰীৰ সমুখতে পিতৃক গুলীচালনা দুৰ্বৃত্তৰ , গুলীচালনা ঘটনাৰে জড়িত ২ যুৱকক গ্ৰেপ্তাৰ

WhatsApp Image 2023 01 27 at 1.24.05 PM

Dhing Firing :

৭৪ সংখ্যাক গণৰাজ্য দিৱসৰ আনন্দ উছাহৰ মাজতে নগাঁৱৰ ধিঙৰ উধানতলাত সংঘটিত হয় এক গুলীয়াগুলীৰ ঘটনা ।

ৱাহিদুৰ ইছলাম নামৰ যুৱক এজনক গুলীচালনা দুই যুবকৰ । আহত ৱাহিদুৰৰ ভাষ্য অনুসৰি গুলীচালনা কৰা দুই যুৱক তেওঁৰ চিনাকি ৷ দুয়োৰে নাম ৰাহুল আৰু ছামিম আখতাৰ ৷ গুলীচালনা কৰিয়ে পলায়ন কৰে দুই যুৱকে ৷

আনহাতে গুলীবিদ্ধ ৱাহিদুৰক স্থানীয় লোকে ততাতৈয়াকৈ ভৰ্তি কৰায় নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত । সম্প্ৰতি আহত ৱাহিদুৰ বিপদমুক্ত বুলি জানিব পৰা গৈছে চিকিৎসালয় সূত্ৰে ৷

প্ৰাপ্ত খবৰ মতে ৰাহুল আৰু ছামিম নামৰ দুই দুৰ্বৃত্তই এখন বাইকত আহি সেই সময়ত পথাৰত কাম কৰি থকা ৱাহিদুৰক তেওঁৰ কণমানি জীয়ৰীৰ সমুখতে এটা ৯ এম এম পিষ্টলেৰে গুলীয়াই থৈ সেই স্থান ত্যাগ কৰে ৷ মুখত আৰু কঁকালত গুলীয়ে আঘাত কৰে ৱাহিক।

কি কাৰণত ৱাহিদুৰক গুলীয়ালে এই পৰ্যন্ত জানিব পৰা নাই ৷ গুলীচালনা ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত ধিং আৰু ডুমডুমা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুটা খালী কাৰ্টিজ,এটা সক্ৰিয় গুলী আৰু এটা ম’বাইল উদ্ধাৰ কৰি অব্যাহত ৰাখিছে তদন্ত ৷

 লোমহৰ্ষক গুলীচালনা ঘটনাৰ পাছতে ধিং আৰু ডুমডুমা আৰক্ষীয়ে দুই দুৰ্বৃত্তৰ সন্ধানত মাৰাথন চলোৱাৰ মাজতে আজি আৰক্ষীৰ জালত পৰে গুলীচালনা কৰা দুই দুৰ্বৃত্ত ৷

গুলীচালনা ঘটনাৰে জড়িত ২ যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ পিষ্টলসহ গ্ৰেপ্তাৰ কৰা দুৰ্বৃত্ত দুটা হ’ল ৰাহুল আমীন আৰু ছামীম আকতাৰ। দুয়োজন যুৱক উচ্চতৰ মাধ্যমিকৰ ছাত্র । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ধৃত দুই যুৱকক অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা

Exit mobile version