Rajasthan: ৰাজস্থান আৰু মধ্যপ্ৰদেশত একাধিক বিমান দুৰ্ঘটনা , একেদিনাই দুৰ্ঘটনাগ্ৰস্ত তিনিখন বিমান

WhatsApp Image 2023 01 28 at 4.37.39 PM 1

Rajasthan :

ৰাজস্থানৰ ( Rajasthan)ভৰতপুৰত হঠাৎ দুৰ্ঘটনাগ্ৰস্ত হয় এখন বায়ুসেনাৰ এখন চাৰ্টাৰ্ড বিমান । দাউ দাউকৈ জ্বলি উঠে ঘটনাস্থলী। বিমানখনৰ পাইলট আৰু সহকাৰী পাইলটৰ মৃত্যুৰ আশংকা

প্ৰাৰম্ভিক অনুমান অনুসৰি দুৰ্ঘটনাটো যান্ত্ৰিক ত্ৰুটিৰ ফলত হৈছে । উল্লেখ্য যে, এই দিনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে( PM Narendra Modi) ৰাজস্থান ভ্ৰমণ কৰাৰ কথা আছিল।

দুৰ্ঘটনাটোৰ বাবে ভ্ৰমণসূচী সলনি হৈছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ভৰতপুৰৰ জিলা দণ্ডাধীশ আলোক ৰঞ্জনে জনাই যে বিমানখন আগ্ৰাৰ পৰা উৰা মাৰিছিল আৰু ৰেল ষ্টেচনৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ পাছতে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ বিষয়াসকল । পৰিস্থিতিৰ তদন্ত অব্যাহত আছে ।

আনহাতে, মধ্যপ্ৰদেশতো (Madhya Pradesh) ভাৰতীয় বায়ু সেনাৰ (IAF) দুখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। মোৰেনাত দুৰ্ঘটনাগ্ৰস্ত হয় দুখন ছুখই-৩০ আৰু মিৰাজ ২০০০ বিমান । ততাতয়াকৈ উদ্ধাৰ অভিযানত নামিছে দুৰ্যোগ সঁহাৰি দল আৰু সেনা ।

তথ্য অনুসৰি, মধ্য প্ৰদেশৰ আকাশত বায়ু সেনাৰ অনুশীলন চলি আছিল। ছুখই বিমানখন গোৱালিয়ৰৰ পৰা উৰা মাৰে । কিন্তু মধ্য বতাহত, মিৰাজ ২০০০ মুখামুখি সংঘৰ্ষ হয়।

দুখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে । অৰ্থাৎ একেদিনাই ভাৰতীয় বায়ু সেনাৰ তিনিখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে ।

অৱশ্যে প্ৰথমে উদ্ধাৰৰ কাম সম্পূৰ্ণ কৰিবলৈ সাজু হৈছে সেনা, আৰক্ষী আৰু উদ্ধাৰকাৰী দল।

Exit mobile version