Aabsu Annual Conference : সদৌ অসম বড়ো ছাত্র সন্থাৰ ৫৫সংখ্যক ৰৌতাৰ বাৰ্ষিক অধিৱেশনত

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা

58b09177 6d6b 4a80 ba58 6198bddb9440

Aabsu Annual Conference :

বৰ্ণীল সংস্কৃতিৰে মহীয়ান অসমৰ অন্যতম ইতিহাস বিজড়িত জনগোষ্ঠী বড়ো জাতিৰ সংগঠন সদৌ অসম বড়ো ছাত্র সন্থাৰ ৫৫সংখ্যক ৰৌতাৰ বাৰ্ষিক অধিৱেশনত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ৷

উক্ত অনুষ্ঠানৰ ভাষণপ্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে বড়ো জাতিৰ প্ৰাণকৰ্তা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ অৱদানৰ কথা স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷৷ তাৰোপৰি ৩১ মাৰ্চ দিনটো সকলো সম্প্ৰদায়ৰ শিক্ষাৰ্থীৰ মাজত একতা শক্তিশালী কৰাৰ বাবে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰা হ’ব বুলি মতপোষণ কৰে৷৷

তেওঁ লগতে উল্লেখ কৰে যে,অসম চৰকাৰে বড়ো চুক্তিৰ সকলো ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সঠিক দিশত কাম কৰি আছে আৰু এইবেলি অসম চৰকাৰৰ বাজেটত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ওদালগুৰি চৌহদৰ বাবে বাজেট আবণ্টনৰ লগতে বি টি আৰত ১০খন কলেজ প্ৰাদেশিকীকৰণৰ বাবে পোষকতা কৰাৰ কথা ব্যক্ত কৰে৷

Exit mobile version