Dgp Pressmeet :
বাল্য বিবাহ কৰোৱা লোক সকলৰ বিৰুদ্ধে যোৱা নিশাৰে পৰা ৰাজ্যজুৰি অসম আৰক্ষীৰ অভিযান সন্দৰ্ভত আজি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সম্বোধন কৰে এক সংবাদমেল ৷
সংবাদমেলত ডি জি পি গৰাকীয়ে কয়, মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পিছতেই আৰক্ষীয়ে বৃহস্পতিবাৰৰ নিশাৰে পৰা জিলাই জিলাই বাল্য বিবাহ কৰোৱা অবৈধ স্বামীৰ বিৰুদ্ধে আৰম্ভ কৰে মাৰাথন অভিযান
৷ যোৱা দুদিনত আটক হৈছে ২০৪৪ জন বাল্য বিবাহ কৰোৱা লোকক । একেদৰে দুদিনত ৰজু কৰা হৈছে ৪০৭৭ টা গোচৰ ৷
বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি লোৱাৰ পাছতেই আৰক্ষী তৎপৰ হৈ পৰে বুলি উল্লেখ
কৰে অসম আৰক্ষীৰ মুৰব্বী গৰাকীয়ে ৷
এই গোচৰত পঞ্জীভূক্ত কোনো এজন লোকক কোনো ক্ষেত্ৰত ৰেহাই নিদিয়াৰ হুংকাৰ দিয়ে ডিজিপি গৰাকীয়ে ৷ সকলো অবৈধ স্বামী আটক নোহোৱালৈকে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি সদৰি কৰে জি পি সিঙে ৷