Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

ফটাশিল আৰক্ষী থানাৰ পাঁচ আৰক্ষীক ৰিজাৰ্ভ

WhatsApp Image 2023 02 04 at 6.59.22 PM

Guwahti 5 Police Reserve Closed :

গুৱাহাটী স্মাৰ্ট আৰক্ষীক পুনৰ লজ্জানত কৰিলে পাঁচ আৰক্ষীয়ে ৷ মুখ্যমন্ত্ৰী আৰু নৱ নিযুক্ত ডি জি পি য়ে অসম আৰক্ষীক সংস্কাৰ সাধনৰ বাবে তৎপৰ হৈ উঠাৰ সময়তে একাংশ ধনলোভী আৰক্ষীয়ে
সংগোপনে চলাই গৈছে নিজৰ মুনাফা

কিন্ত এইবাৰ শীৰ্ষ আৰক্ষীৰ জালত পৰিছে পাঁচজনকৈ আৰক্ষী ৷ প্ৰাপ্ত খবৰ অনুসৰি শুক্ৰবাৰে নিশাভাগত ফটাশিল- আমবাৰী আৰক্ষীৰ এটা পাঁচজনীয়া নিয়মীয়া টহলকাৰী দলে এখন ট্ৰাকৰ পৰা এক প্ৰকাৰ বলপূৰ্বক ভাবুকি দি সংগ্ৰহ কৰিছিল নগদ সাত হাজাৰ টকা।

আৰক্ষীৰ এই স্থিতিক সহজভাৱে নলৈ ট্ৰাক খনৰ গৰাকীয়ে ততাতৈয়াকৈ ঘটনা সম্পৰ্কত দৃষ্টিগোচৰ কৰে শীৰ্ষ আৰক্ষী বিষয়াক ৷ ইয়াৰ পাছতে তৎপৰ হৈ পৰে মহানগৰ আৰক্ষীৰ পশ্চিম জিলাৰ আৰক্ষী উপায়ুক্ত শুভাশীষ বৰুৱা ৷

অভিযোগ পোৱাৰ পাছতেই ডি চি পি গৰাকীয়ে নিশাৰ টহলৰ দায়িত্বত থকা পাঁচোজন আৰক্ষীক তলৱ কৰে ৷ ডিচিপি গৰাকীৰ সন্মুখতে আৰক্ষী কেইজনে স্বীকাৰ কৰে টকা লোৱাৰ কথা ৷ ডিচিপিৰ কঠোৰ স্থিতিত নতশিৰ হৈ সংগৃহীত সমুদায় ধন ট্ৰাক খনৰ মালিকক ঘূৰাই দিয়ে ৷

আনহাতে বলপূৰ্বক ধন লোৱাৰ অভিযোগত পাঁচোজন আৰক্ষীক ৰিৰ্জাভ ক্লজ কৰে ডি চি পি শুভাশীষ বৰুৱাই ৷ মহানগৰীৰ সদাব্যস্ত ৰাজপথত ট্ৰাকৰ পৰা বলপূৰ্বক আৰক্ষীৰ ধন সংগ্ৰহ কৰা কাণ্ডই পুনৰ এবাৰ উন্মোচিত কৰিলে আৰক্ষীৰ নগ্ন ৰূপটো ৷

Exit mobile version