Bhupen Kumar Borah :কাটিগৰাত “হাথ সে হাথ জোড়ো অভিযানত ভূপেন কুমাৰ বৰাৰ অংশগ্ৰহণ

89d47d90 0b0f 4799 b117 ef6472585296 1

Bhupen Kumar Borah :

অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ৰাজ্যজুৰি চলি থকা “হাথ সে হাথ জোড়ো অভিযান”ৰ অংশ হিচাপে আজি বৰাক উপত্যকাৰ কাটিগৰা বিধানসভা সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত কেবা হেজাৰ লোকে অভিযানত অংশগ্ৰহণ কৰাৰ লগতে বি জে পি চৰকাৰৰ দেশধ্বংসী কাম-কাজৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে ব্যাপক প্ৰচাৰ চলায়।

আজিৰ কাৰ্যসূচীত সভাপতি ভূপেন কুমাৰ বৰাৰ উপৰি প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ কেবাগৰাকীও নেতাই ভাগ লয়।

উল্লেখ্য যে যোৱা দুই ফেব্ৰুৱাৰীৰ পৰা বৰাক উপত্যকাত বিশেষভাৱে এই অভিযান চলোৱা হৈছে আৰু অহা সাত ফেব্ৰুৱাৰী পৰ্যন্ত অব্যাহত থাকিব এই অভিযান।

Exit mobile version