Kaziranga : কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰীৰ মাজতে অঘটন

হাতী ছাফাৰীৰ সময়ত হাতীৰ পিঠিৰ পৰি সৰি পৰিল চাৰিজনকৈ পৰ্যটক

ecd6bbee df4a 459a aab1 f0fdb7c9b3bb

Kaziranga:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চালত পুৱাই সংঘটিত হয় এক অঘটন । হাতী ছাফাৰীৰ মাজতে হাতীৰ পিঠিৰ পৰা সৰি পৰিল চাৰিজনকৈ পৰ্যটক। এই ঘটনাত আহত হয় চাৰিজনকৈ পৰ্যটক ৷

ইয়াৰে তিনি গৰাকী মহিলা৷ উল্লেখ্য যে কল’কাতাৰ পৰা অহা পৰ্যটকৰ দলটোৱে ব্যক্তিগত হাতীৰে ছাফাৰী কৰোতেই হঠাতে হাতীৰ পিঠিৰ পৰা জংঘলৰ মাজতে সৰি পৰে ৷

গুৰুত্বৰভাৱে আহত পৰ্যটক তিনি মহিলা পৰ্যটক দ’ল প্ৰতিমা দত্ত,শিখা সিংহা আৰু শ্ৰীলেখা সিংহাক উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে ততাতৈয়াকৈ ভৰ্তি কৰা হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ আহত তিনিও পৰ্যটকক প্ৰথমে কঁহৰা চিকিৎসালয়লৈ নিয়া হৈছিল ৷

স্মতৰ্ৱ্য যে ,হাতীৰ ছাফাৰীৰ সময়তে পৰ্যটক কেইগৰাকীক মৰা বেল্টডাল হঠাৎ খুলি যায় ৷যাৰ ফলতে সৰি পৰিছিল পৰ্যটক কেইগৰাকী ৷

তথ্য অনুসৰি উদ্যান কৰ্তৃপক্ষই পৰ্যটক আহত হোৱা ঘটনাটো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি কাৰ ভূলৰ বাবে অনাকাংক্ষিত ঘটনা সংঘটিত হ’ল এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version