R S Khan : উত্তৰ কাছাৰৰ এহেজাৰ কোটি টকা কেলেংকাৰীৰ মহানায়ক

আৰ এছ খান শীৰ্ঘেই যোগ দিব এ আই ইউ ডিএফত !

a300d1f4 41c1 42e7 b515 ea477e159525

R S Khan :

এসময়ৰ উত্তৰ কাছাৰ বৰ্তমান ডিমা হাচাওৰ এহেজাৰ কোটি টকা কেলেংকাৰীৰ মহানায়ক আৰ এছ খান শীৰ্ঘেই এ আই ইউ ডিএফলৈ ৷ ৰাজ্যৰ বিয়াগোম কেলেংকাৰীটোৰ মহানায়কজন দীৰ্ঘসময় কাৰাগাৰত কটোৱাৰ পাছত বিগত বৰ্ষত মুকলি হয় কাৰাগাৰৰ পৰা ৷

কিন্ত এইবাৰ উত্তৰ কাছাৰৰ এহেজাৰ কোটি টকা কেলেংকাৰীৰ মহানায়ক জনে ৰাজনীতিক হোৱাৰ সপোন দেখিছে ৷ যাৰ লক্ষ্যৰে সোমবাৰে দিছপুৰৰ বিধায়ক আৱাসত উপস্থিত হয় আৰ এছ খান ৷

এ আই ইউ ডিএফ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামৰ বিধায়ক আৱাসত আমিনুল সহ আন আন নেতাৰ স’তে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় আৰ এছ খান ৷

কে’বা ঘন্টাজোৰা বৈঠকৰ অন্তত বিধায়ক আৱাসৰ বাহিৰলৈ আহি সাংবাদিকক দেখি অস্বস্তিত পৰে খান ৷ সাংবাদিককে প্ৰশ্ন সোধাৰ পূৰ্বেই আৰ এছ খানৰ কৌশলী মন্তব্য,মোৰ চিনাকি আৰু আত্মীয় বাবে মই লগ পাবলৈ আহিছো ৷ এইদৰেই কৈ সাংবাদিকৰ পৰা আঁতৰি গাড়ীত উঠি প্ৰস্থান কৰে এহেজাৰ কোটি টকা কেলেংকাৰীৰ মহানায়কজন ৷

Exit mobile version