Untimely Death Of The Newspaper Supplier: বাতৰি কাকত যোগনীয়াৰৰ অকাল মৃত্যু

WhatsApp Image 2023 02 07 at 5.41.30 PM

Untimely Death Of The Newspaper Supplier :

 ১৫ বছৰ ধৰি প্ৰতিটো পুৱাই মানুহৰ ঘৰে ঘৰে গৈ বাতৰি কাকত যোগান ধৰা, সকলোৰে সমাদৰ লভা ৩০ বৰ্ষীয়ান যুৱক চাংসাৰিৰ ৰাজেশ নাথৰ অকাল বিয়োগত বৃহত্তৰ চাংসাৰি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে ।

উল্লেখ্য যোৱা দেওবাৰে আমিনগাঁও জিএনআৰচি হাস্পতালত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল যদিও সেইদিনা আবেলি তেও মৃত্যুক আকোৱালি লয় ।

উল্লেখযোগ্য যে চাংসাৰিৰ গৌৰাংগপুৰ চুবুৰীৰ ৰাজেশ নাথে ১৫ বছৰমান বয়সৰ পৰাই চাংসাৰিস্থিত জ্যোতিষ নাথৰ তত্বাৱধানত চলি থকা জে কে এজেন্সিৰ অধীনত বৃহত্তৰ চাংসাৰি, জলাহ অঞ্চলটোত মানুহৰ ঘৰে ঘৰে গৈ বাতৰি কাকত বিতৰণ কৰি আহিছিল ।

শাৰীৰিক অসুস্থতা হেতু পৰিয়ালৰ লোকে পত্নীৰ ইএছআই কাৰ্ডৰ জৰিয়তে প্ৰথমে বেলতলা হাস্পতালত চিকিৎসাধীন কৰোৱাই পাছলৈ তেওক হায়াট হাস্পতালত উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰায় । কিন্তু ইয়াতো তেওঁৰ স্বাস্থ্যৰ জটিলতা নকমাত পৰিয়ালৰলোকে আমিনগাওৰ জিএনআৰচিলৈ ভেন্টিলেটৰৰ সহায়ত এম্বুলেন্স যোগে ভৰ্তি কৰায় ।

দুখৰ বিষয় ভৰ্তি হোৱাৰ কিছু সময় পিছতে চিকিৎসকে ৰোগীক মৃত বুলি ঘোষণা কৰে । ৰাজেশৰ মৃত্যুত জে কে এজেন্সীৰ স্বতাধিকাৰী জ্যোতিষ নাথৰ লগতে সমগ্ৰ অঞ্চলৰ ৰাইজে গভীৰ শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত ৰাজেশ নাথে মাতৃ , পত্নী আৰু এজনী কনমানি কন্যা সন্তান এৰি থৈ যায় ।

Exit mobile version