Hagrama Mahilary:হাগ্ৰামা মহিলাৰীৰ নতুন ৰূপ

মুখ্যমন্ত্ৰীক উচ্চ প্ৰশংসা , প্ৰমোদ বড়োক তীব্ৰ কটাক্ষ মহিলাৰীৰ

WhatsApp Image 2023 02 10 at 18.05.47

Hagrama Mahilary:

বড়োভূমিৰ সদৰ কোকৰাঝাৰত আজি ২১ সংখ্যক বিটিচি চুক্তি দিৱস উদযাপন কৰে বিপিএফ দলে ৷

২০১৩ বৰ্ষত সেই সময়ৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ স’তে বি এল টি বিদ্ৰোহীৰ মাজত সম্পাদিত হৈছিল বিটিচি চুক্তি ৷ উল্লিখিত চুক্তি দিনটোত প্ৰতিবছৰে উদযাপন কৰি অহা হৈছে বিটিচি চুক্তি ৷

ঐতিহাসিক বিটিচি চুক্তিৰ দিনটোত আজি বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিটিচি সচিবালয়ৰ চৌহদত থকা বডোফা উপেন্দ্ৰ নাথ ব্ৰক্ষ্মৰ প্ৰতিমুৰ্তি মাল্যাপনেৰে দিনযোৰা কাৰ্যসূচীৰ আৰম্ভ কৰে ৷

এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ বিটিচিৰ প্ৰাক্তন মুৰব্বী গৰাকীয়ে ভাষণ প্ৰসংগত কয়, ঐতিহাসিক বিটিচি চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰাটো চৰকাৰৰ প্ৰধান দায়িত্ব বুলি উল্লেখ কৰে ৷

আনহাতে আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত মহিলাৰীয়ে কয়,সংসদীয় নিৰ্বাচনত কোকোৰাঝাৰ আৰু মঙলদৈত বিপিএফে প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াব ৷

আনহাতে বিটিচিৰ বৰ্তমানৰ চীফ প্ৰমোদ বড়ো সম্পৰ্কত মহিলাৰীয়ে কয়, বড়ো এজন বেপাৰী মানুহ ৷ ইতিমধ্যে চৰকাৰৰ দ্বাৰা আৱন্টিত ধনৰ ব্যাপক অপব্যৱহাৰ কৰিছে প্ৰমোদ বড়োৱে ৷

সচাঁ অৰ্থত অডিট কৰিলে বিটিচি চৰকাৰ ধৰা পৰিব ৷ কিন্তু ইয়াৰ পৰা ৰক্ষা পাবলৈ ব্যক্তিগত খণ্ডৰ কোম্পানীৰ জৰিয়তে অডিট কৰিছে ৷ এই কাৰ্যৰ দ্বাৰা প্ৰমোদে নিজৰ মুৰ্খতাৰ পৰিচয় দিছে ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে কয়, ৰাজনীতিত ক্ষেত্ৰত মতাদৰ্শ ভিন্ন হ’লেও ড:হিমন্ত বিশ্ব শৰ্মাৰ স’তে তেওঁৰ সম্পৰ্ক আজিও অক্ষুণ্ণ আছে বুলি প্ৰকাশ কৰে ৷

উল্লেখ্য যে,আৰ এছ এছৰ স’তে তেওঁৰ সম্পৰ্ক পূৰ্বৰে পৰা আছিল বুলি উল্লেখ কৰি কয়, আৰ এছৰ এছ নেতৃবৰ্গক নিয়মমাফিক সাক্ষাৎ কৰিবলৈহে গৈছিল ৷

ভৱিষ্যতে দলত্যাগ কৰি বিজেপিত যোগদান কৰিব বুলি সাংবাদিকে সোধা এক প্ৰশ্নত মহিলাৰীয়ে স্পষ্ট কৰি কয়, কেতিয়াও কোনো কাৰণত বিজেপিত যোগদান নকৰে ৷

উল্লেখযোগ্য বহু দিনৰ অন্তত বড়োলেণ্ডৰ অন্যতম বিৰোধী দল বি পি এফৰ কাৰ্যনিৰ্বাহক সভাখনি আজি চিৰাং জিলাা কাজলগাঁওত অনুষ্ঠিত হয় ৷

কাৰ্যনিৰ্বাহকতে বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। কোকোৰাঝাৰত অনুষ্ঠিত বিটিচি চুক্তি দিৱসৰ মুল কাৰ্যসূচীত মহিলাৰীৰ সৈতে উপস্থিত থাকে বিপিএফৰ জ্যেষ্ঠ নেতৃবৰ্গৰ উপৰিও প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰক্ষ্ম,বিধায়ক ৰবিৰাম নাৰ্জাৰী,বিটিচিৰ বিধানসভাৰ বিৰোধী দলপতি দেৰহাচাৎ বসুমতাৰী ৷

Exit mobile version