Mukalmua:মুকালমুৱাৰ কালদিত সদৌ অসম দেৱদামোদৰ সংঘৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিবেশন

দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ অধিবেশন

WhatsApp Image 2023 02 11 at 18.21.24

Mukalmua:

বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্ত্তক মহাপুৰুষ শ্ৰীশ্ৰী দেৱ দামোদৰ দেৱৰ ধৰ্মীয় দৰ্শন,আদৰ্শ প্ৰসাৰৰ উদ্দেশ্য গঠন হৈছিল দেৱ দামোদৰ সংঘ। এইবেলি দেৱদামোদৰ সংঘৰ ষষ্ঠদশ দ্বি বাৰ্ষিক অধিবেশনখন অনুষ্ঠিত কৰিছে মুকালমুৱাৰ কালদিস্থিত বৰক্ষেত্ৰী দেৱদামোদৰ সত্ৰত।

দুদিনীয়াকৈ আয়োজন কৰা সদৌ অসম দেৱদামোদৰ সংঘৰ,বৰক্ষেত্ৰী অধিবেশনখনি শনিবাৰৰ পৰা আৰম্ভ হয়। জাকজমকতাৰে মুকালমুৱাৰ কালদিস্থিত দেৱদামোদৰ সত্ৰত অনুষ্ঠিত হৈছে সদৌ অসম দেৱদামোদৰ সংঘৰ বৰক্ষেত্ৰী অধিবেশন।

দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অধিবেশনৰ প্ৰথম দিনাই প্ৰভাত ফেৰীয়ে অধিবেশনৰ কাৰ্যসূচী শুভাৰম্ভ কৰি অধিবেশনৰ আদৰণি সমিতিৰ পতাকা উত্তোলন কৰে আদৰণি সমিতিৰ সভাপতি নাৰায়ণ ডেকাই।

একেদৰে সদৌ অসম দেৱদামোদৰ সংঘৰ সভাপতি হৰেন্দ্ৰ নাথ ডেকাই দেৱদামোদৰ সংঘৰ পতাকা উত্তোলন, সত্ৰ চৌহদত দেৱদামোদৰ সংঘৰ শাখা সভাপতি সমূহৰ দ্বাৰা গছ পুলি ৰোপনকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত কৰি উলিওৱা হয় গুৰুচৰিত আৰু ভাগৱত শোভাযাত্ৰা।

শোভাযাত্ৰাত অসংখ্য ভক্তৰ সমাগমে উখল-মাখল পৰিবেশে বিৰাজ কৰিছে সমগ্র অঞ্চলটোত। শোভাযাত্ৰাৰ পিছতে বিপনী উন্মোচন, ধৰ্মালোচনা সভা, গুৰুবন্দনা, গুৰুচৰিত পাঠ, নাম প্ৰদৰ্শন, নাট মঞ্চস্থ আদি বিভিন্ন কাৰ্যসূচীৰে অধিবেশনৰ প্ৰথম দিনটোৰ সামৰণি পৰে।

আনহাতে অধিবেশনৰ দ্বিতীয় দিনাই মুকলি অধিবেশনত অংশগ্ৰহণ কৰিব অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, বিধায়কৰ লগতে বহুকেইজন গন্য মান্য ব্যক্তি।

অধিবেশনৰ দ্বিতীয় দিনাই সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত গীত পৰিবেশন কৰিব অসমৰ জনপ্ৰিয় কন্ঠশিল্পী তৰালী শৰ্মাই।

Exit mobile version