kokrajhar Medical College: ৰাজ্যৰ স্বাস্থ্য সেৱাৰ বাবে এটা ভাল খবৰ

কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছ পাঠ্যক্ৰমৰ বাবে,১০০খন আসনত অনুমোদন ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ

WhatsApp Image 2022 11 22 at 19.59.03

kokrajhar Medical College:

ৰাজ্যৰ স্বাস্থ্য সেৱাৰ বাবে এটা অত্যন্ত ভাল খবৰ কঢ়িয়াই আনিছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে ৷ অসমত পুনৰ বৃদ্ধি হ’ল চিকিৎসা মহাবিদ্যালয়ৰ আসনৰ সংখ্যা ৷

পূৰ্বৰ ১২০০ আসনৰ ঠাইত নতুনকৈ পুনৰ বৃদ্ধি কৰা হ’ল এশ আসন ৷ ইয়াৰ লগে লগে অসমৰ চিকিৎসা মহাবিদ্যালয় সমূহত চিকিৎসা পাঠ্যক্ৰমৰ আসনৰ মুঠ সংখ্যা হয়গৈ ১৩০০ ৷

শেহতীয়াকৈ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে অনুমোদন দিয়া এশ আসনেই হৈছে কোকোৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত ৷

কোকোৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত ১০০ আসন অনুমোদন দিয়াৰ পাছতে উৎফুল্লিত হৈ পৰিছে বি টি আৰ বাসী ৷

আনহাতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই চ’ছিয়েল মেডিয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় চিকিৎসা আযোগক ধন্যবাদ জনায় ৷

Exit mobile version