Pramod Boro Files Defamation Case Against Hagrama: হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানিৰ গোচৰ প্ৰমোদ বড়োৰ

কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত বড়োৱে তৰে গোচৰ

WhatsApp Image 2023 02 16 at 16.19.40

Pramod Boro Files Defamation Case Against Hagrama:

বিটিচিৰ ক্ষমতাৰ পৰা বেকফুটত থকা হাগ্ৰামা মহিলাৰীয়ে শেহতীয়াকৈ বিভিন্ন সময়ত প্ৰমোদ বড়োৰ বিৰুদ্ধে সততে সৰৱ হৈ থকাৰ মাজতে বিটিচি চীফ গৰাকীয়ে মহিলাৰীৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ গোচৰ তৰে কামৰূপ জিলা সত্ৰ ন্যায়াধীশ আদালতত ৷

উল্লেখ্য যে,কিছুদিন পূৰ্বে বি পি এফৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ বাসগৃহত আৰক্ষীয়ে অৰ্তকিতে চলোৱা এক অভিযানত উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণ অস্ত্ৰ- শস্ত্ৰ

আৰক্ষীৰ এই অভিযানৰ পাছতে হাগ্ৰামা মহিলাৰী সোচ্ছাৰ হৈ পৰে প্ৰমোদ বড়োৰ বিৰুদ্ধে ৷ মহিলাৰীৰ অভিযোগ প্ৰাক্তন বিধায়ক গৰাকীৰ ঘৰত জব্দকৃত অস্ত্ৰ- শস্ত্ৰ খিনি প্ৰমোদ বড়োৱে সংগোপনে লুকুৱাই ৰাখিছিল ৷

আনহাতে ১০০ কোটি টকাৰ মানহানি গোচৰ তৰা সন্দৰ্ভত সাংবাদিকৰ আগত বিটিচি চীফ গৰাকীয়ে উল্লেখ কৰে যে, হাগ্ৰামা মহিলাৰী ক্ষমতাৰ পৰা বিতাৰিত হোৱাৰ পাছৰে পৰা হোৱাই- নোহোৱা সময়ে সময়ে কিছুমান টুলুঙা মন্তব্য কৰি অহাটো তেওঁৰ এটা স্বভাৱ হৈ পৰিছে ৷

সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰিবৰ বাবে বিভিন্ন পন্থা গ্ৰহণ কৰি আহিছে ৷ বিপিএফৰ প্ৰাক্তন বিধায়ক গৰাকীৰ ঘৰত উদ্ধাৰ হোৱা অস্ত্ৰ- শস্ত্ৰ খনি তেওঁ ৰখা বুলি যি দায়িত্ব জ্ঞানহীন মন্তব্য কৰিছে ৷

সেইয়া কেতিয়াও সহ্য কৰিব নোৱাৰি ৷ কোনো প্ৰমাণবিহীন ভাৱে তেওঁৰ বিৰুদ্ধে মহিলাৰীয়ে কৰা মন্তব্যই তেওঁৰ ভাৱমূৰ্তি ম্লান হৈছে বুলি অনুভৱ কৰি আদালতত তৰা হৈছে গোচৰ

এনে প্ৰেক্ষাপটত মহিলাৰীয়ে এতিয়া তেওঁৰ হাতত কি প্ৰমাণ আছে সেইয়া আদালতত প্ৰদৰ্শন কৰক বুলিও তীক্ষ্ণ বাক্যবান নিক্ষেপ কৰে প্ৰমোদ বড়োৱে ৷

Exit mobile version