Samujjal Bhattacharya Vs Hitesh Dev Sarma:এনআৰচি শুদ্ধ ৰূপত বিচৰা নাছিল আছুৱে:হিতেশ দেৱ শৰ্মা

ন্যায়ালয়ত পালমৰা শপতনামা দাখিল কৰিছিল আছুৱে,প্রতীক হাজেলাৰ পৰা প্ৰতিমাহে ১৬লাখকৈ লৈছিল সমুজ্জ্বল ভট্টাচার্যই:দেৱ শৰ্মা, হিতেশ দেৱ শৰ্মাই হেৰুৱাইছে মানসিক ভাৰসাম্য হেৰুৱাইছে,শৰ্মাৰ বিৰুদ্ধে তৰা হ'ব মানহানি গোচৰ:সমুজ্জ্বল

WhatsApp Image 2023 02 16 at 19.35.05 1

Samujjal Bhattacharya Vs Hitesh Dev Sarma:

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ শেহতীয়াকৈ অব্যাহত থকা নানান বিতৰ্কৰ মাজতে এন আৰ চিৰ প্রাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই ইয়াক প্ৰস্তুতৰ নামত ধনৰ অবাঞ্ছিত লেনদেনৰ অভিযোগ উত্থাপন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে সংগঠনটোৰ মুখ্য উপদেষ্টা ড:সমুজ্জ্বল ভট্টাচাৰ্যৰ নাম এই ক্ষেত্ৰত উল্লেখ কৰে ৷

এই ক্ষেত্ৰত শৰ্মাই সামাজিক মাধ্যমত ইংগিত দি উল্লেখ কৰে যে অনুপ্ৰৱেশকাৰী বিতাৰণক লৈ সদায় সৰব হৈ অহা ছাত্র সংগঠনটোৱে নাগৰিকপঞ্জীখন শুদ্ধ ৰূপত প্ৰস্তুত হোৱাটো বিচৰা নাছিল । বুধবাৰে সামাজিক মাধ্যমত শৰ্মাই লিখে যে তেওঁ আঢ়ৈ বছৰ এনআৰচিৰ সমন্বয়ক আছিল৷ দীঘলীয়া সেই সময়ছোৱাত আছুৰ নেতৃত্বই তেওঁক এবাৰো লগ নকৰিলে৷ অথচ প্ৰতীক হাজেলাৰ পৰা আছুৰ মুখ্য উপদেষ্টাজনে প্ৰতিমাহে ১৬ লাখকৈ লৈছিল ৷

আনহাতে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক জনৰ এই তথ্যই সৰ্বস্তৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উচ্চতম ন্যায়ালয়ৰ এক গোচৰ সংক্রান্তত সম্প্ৰতি দিল্লীত থকা ভট্টাচাৰ্যই আজি তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগকক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

অৱশ্যে প্ৰতিক্ৰিয়া হিচাপে ভট্টাচার্য দেবশৰ্মাৰ বিৰুদ্ধেহে বিশেষভাবে সৰব হয়৷ ভট্টাচার্যই কয়, ” এই অভিযোগ গোকাট মিছা কথা ,হিতেন দেৱশৰ্মা এজন মিছলীয়া। একমাত্র সস্তীয়া প্ৰচাৰৰ বাবে তেখেতে এনে প্রলাপ বকিছে | মানসিক ভাৰসাম্য ঠিক থকা মানুহে এনে কাণ্ডজ্ঞানহীন কথা নকয় ৷ তেখেতে মানসিক চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।”

ড: ভট্টাচার্যই লগতে দাবী কৰে যে হিতেশ দেৱশৰ্মাই অসত্য কথা কৈছে৷ তেনে কথা কোৱা বাবেই অধিৱক্তাৰ পৰামৰ্শ লৈ শৰ্মাৰ বিৰুদ্ধে মানহানি গোচৰ তৰা হব বুলিও ভট্টাচাৰ্যই সদৰী কৰে৷ ভট্টাচাৰ্য্যৰ এনে প্ৰতিক্ৰিয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিতেশ দেৱ শৰ্মায়ো |
‘দৈনিক অগ্ৰদূত’ত শৰ্মাৰ তথ্যৰ ভিত্তিত বাতৰি প্ৰকাশৰ পৰিপ্ৰেক্ষিতত আছুৰ মুখ্য উপদেষ্টাজনৰ বক্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে কবলৈ একো নাই আৰু সেই কথাই ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়াৰ ভাষাত দেখা গৈছে ৷

দেৱ শৰ্মাই লগতে কয়, ” ম‍ই ইমান বুৰ্বক নহয়৷ কথাবোৰ যি ধৰণে কোৱা উচিত মই সেই ধৰণে কৈছো৷ ৰাইজে কথাবোৰ জনা উচিত| তেও সেই কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ কিধৰণৰ ভাষা ব্যৱহাৰ কৰিছে সকলোৱে দেখিছে, শুনিছো অতি নিম্ন মানৰ ভাষা কথাবোৰ সচা হবলৈ সময় লাগিব, তথাপিও তদন্ত হওক ” ৷

প্ৰসংগক্রমে উল্লেখ্য যে দেৱ শৰ্মাই আজিও দোহাৰে যে তেওঁ আঢ়ৈ বছৰ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক আছিল| কিন্তু দীঘলীয়া সেই সময়চোৱাত আছুৰ নেতৃত্তই তেওক এবাৰো লগ নধৰিলে অথচ প্ৰতীক হাজেলা পদটোত থাকোতে প্ৰায়ে সন্ধিয়া ভট্টাচার্য এন আৰ চিৰ কাৰ্যালয়লৈ গৈছিল ৷

বজাৰৰ খবৰ বুলি উল্লেখ কৰি দেৱ শৰ্মাই লগতে সামাজিক মাধ্যমত উল্লেখ কৰে যে সমুজ্জ্বল ভট্টাচার্যই প্রতীক হাজেলাৰ পৰা কেলেংকাৰীৰ ভাগ হিচাপে মাহত ১৬ লাখ টকাকৈ লৈছিল |

মনকৰিবলগীয়া যে,ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ( এন আৰ চি) প্ৰস্তুতৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগৰ মাজতে ভাৰতৰ মহগাণনিকৰ প্ৰতিবেদনতো এই তথ্য পোহৰলৈ আহিছে ৷

এনে প্ৰেক্ষাপটত আছু আৰু সমুজ্জ্বল ভট্টাচার্যৰ বিৰুদ্ধে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক জনে অনা অভিযোগ সন্দৰ্ভত আছুৱে আগন্তুক দিনত কি পদক্ষেপ লয় সেইয়া হ’ব লক্ষণীয় ৷

Exit mobile version